নেশ্যনেল ডেস্ক, 2 জুলাইঃবৃহস্পতিবাৰৰ দিনটোত অৰ্থাৎ 2 জুলাইত সমগ্ৰ ভাৰততে COVID-19 সংক্ৰমণে অতিক্ৰম কৰিলে 6 লক্ষাধিক ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে দেশত 604641 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ দেশত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে 17 সহস্বাধিকলৈ ৷ 2 জুলাইত দেশত COVID-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা 17834 গৰাকীলৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, দেশত বৰ্তমান 226947 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 359859 গৰাকী লোক ৷ মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী আছে দেশৰ ভিতৰতে COVID-19ত আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থানত ৷
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া স্থিতি - COVID-19 সংক্ৰমণ
ভাৰতত ৰাজ্য সমূহত COVID-19ৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...
COVID-19 INDIA TRACKER