নতুন দিল্লী,26 অক্টোবৰ:ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 79,09,959 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 71 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,19,014 গৰাকীয়ে ৷ সম্প্ৰতি 6,53,717 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷
ভাৰতত কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 79,09,959 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 71 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷
কৰ’ণা আক্ৰান্ত ৰাজ্যৰ তালিকা
ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 16,45,020 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,264 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,41,001 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,60,755 গৰাকী ব্যক্তিয়ে ৷