নেশ্যনেল ডেস্ক, 24 আগষ্ট: ভাৰতবৰ্ষত 35 লাখ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত ধৰা পৰা 61,408 গৰাকী নতুন আক্ৰান্ত লোকৰ সংখ্যাৰে, আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 35 লক্ষাধিক ৷
ভাৰতৰ COVID-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 31,06,349 গৰাকীলৈ বৃদ্ধি পালে ৷ বৰ্তমানেও দেশত 710771 সক্ৰিয় আক্ৰান্ত লোক থকাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 57,542 গৰাকীলৈ ৷ অৱশ্যে 23.38 লাখ লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতিও লাভ কৰিছে ৷