নেশ্যনেল ডেক্স,7 আগষ্টঃ ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘন্টাত ভাৰতত মুঠ 62,538 টা কোভিড 19ৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰ্তমান দেশত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 20,27,075 গৰাকী ৷ ইয়াৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা 6,07,384 গৰাকী আৰু আৰোগ্য লাভ কৰিছে 13,78,106 গৰাকী ৷ ইয়াৰ বিপৰীতে 41,575 গৰাকী লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে ৷
কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য
ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি দেশত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 20,27,075 গৰাকী ৷ ইয়াৰ বিপৰীতে 41,575 গৰাকী লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে ৷
কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য
ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ ‘আইচিএমআৰ’ এ প্ৰকাশ কৰা তথ্য অনুসৰি 6 আগষ্টলৈকে দেশত 2,27,88,393 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত বৃহস্পতিবাৰৰ দিনটোত মুঠ 6,39,042 টা নমুনা পৰীক্ষা কৰা হৈছিল ৷