অসম

assam

ETV Bharat / bharat

ভাৰতত COVID-১৯ : ৰাজ্যিক ভিত্তিত পৰিসংখ্যা

দেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত তথা মৃতকৰ সংখ্যা । শনিবাৰে পুৱা ৮ বজালৈ ভাৰতত ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল ১,৯৮১ জন লোকৰ । আনহাতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ১৭,৮৪৬ গৰাকী আক্ৰান্তই ।

By

Published : May 9, 2020, 11:43 AM IST

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নিউজ ডেস্ক, ৯ মে' : বিশ্বজুৰি সন্ত্ৰাসৰ কাৰক হৈ পৰিছে কৰ'ণা ভাইৰাছ তথা COVID-১৯ মহামাৰী । ভাৰতবৰ্ষতো অব্যাহত আছে এই ভাইৰাছৰ বিভীষিকা । দেশত বৰ্তমান অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন । কিন্তু ইয়াৰ মাজতো দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শনিবাৰে পুৱা ৮ বজালৈ ভাৰতবৰ্ষত মুঠ ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । স্বাস্থ্য় মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা তথ্যত প্ৰকাশ পাইছে এই পৰিসংখ্যা ।

COVID-১৯ : ৰাজ্যিক ভিত্তিত পৰিসংখ্যা পুৱা ৮ বজালৈ

স্বাস্থ্য মন্ত্ৰণালয় এই ৱেবচাইট অনুসৰি পুৱা ৮ বজা পৰ্যন্ত ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পঞ্জীয়নকৃত হোৱাৰ বিপৰীতে ১,৯৮১ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল ।

অৱশ্য়ে পুৱা ১০ বজালৈ এই পৰিসংখ্যা বৃদ্ধি পাইছে-

  • আক্ৰান্ত - ৫৯,৭৬৪ গৰাকী
  • মৃত্যু- ১,৯৮৬ গৰাকী
  • আৰোগ্য- ১৭,৮৯৭ গৰাকী
  • সক্ৰিয় ঘটনা- ৩৯,৮৭৭ টা

ভাৰতৰ ভিতৰতেই আটাইতকৈ বেছি এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হোৱা ৰাজ্য দুখন হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাট। মহাৰাষ্ট্ৰত ১৯,০৬৩ টা ঘটনা পোহৰলৈ অহাৰ বিপৰীতে গুজৰাটত ধৰা পৰিছে ৭,৪০৩ টা আক্ৰান্তৰ ঘটনা ।

ABOUT THE AUTHOR

...view details