নেশ্যনেল ডেস্ক, 6 মে':বুধবাৰে ভাৰতত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 49,391 গৰাকীলৈ বৃদ্ধি পায় । এই তথ্য প্ৰকাশ কৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।
ভাৰতত COVID-19ৰ শেহতীয়া তথ্য
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 6 মে' ৰাতিপুৱা 8 বজালৈ ভাৰতত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 49,391 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 1,694 গৰাকীলৈ ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটতত প্ৰকাশ কৰা তথ্য অনুসৰি, 6 মে' ৰাতিপুৱা 8 বজালৈ দেশত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 49,391 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 1,694 গৰাকীলৈ । বৰ্তমানলৈ মহাৰাষ্ট্ৰত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 15,525 গৰাকীলৈ । ইয়াৰ বিপৰীতে 6,245গৰাকী COVID-19ত আক্ৰান্ত লোকেৰে গুজৰাট হৈছে দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক এই মহামাৰীত আক্ৰান্ত ৰাজ্য ।
লগতে পঢ়কঃনয়দাত জৰুৰী সেৱাৰ কল ছেন্টাৰত কৰ্মৰত এজনৰ দেহত COVID-19