নিউজ ডেস্ক, 1 মেঃলক্ ডাউনৰ দ্বাৰা চৰকাৰে কৰ'ণা প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰতিদিনে এই ৰোগত হৈছে বহু লোক ৷1 মে'ৰ সন্ধিয়া 5 বজালৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি শুকুৰবাৰে সমগ্ৰ ভাৰতত COVID 19 ত আক্ৰান্তৰ সংখ্যা 35,365 গৰাকীলৈ বৃদ্ধি ৷ লগতে কৰ'ণাত নিহতৰ সংখ্যা 1,152 গৰাকী ৷
COVID 19: ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিক স্থিতি
শুকুৰবাৰলৈ দেশত COVID 19 পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 9,064 গৰাকী বুলি তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷
ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিকস্থিতি
এই পৰ্যন্ত মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 10,498 গৰাকী হোৱাৰ লগতে গুজৰাটত আক্ৰান্তৰ সংখ্যা 4,395 গৰাকী ৷ আনহাতে, অসমত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 42 গৰাকী হোৱাৰ লগতে আৰোগ্য হোৱা লোকৰ সংখ্যা 29 গৰাকী ৷