নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ বিশ্বৰ আন আন ৰাষ্ট্ৰৰ লগতে ভাৰততো প্ৰতিদিনে শ শ লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাচৰ উপস্থিতি। বৰ্তমানলৈকে প্ৰায় ৩১,৭৮৭ গৰাকী লোক আক্ৰান্ত হৈছে COVID-19ত । তদুপৰি ৭,৭৯৬ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১,০০৮ গৰাকী লোকৰ।
দেশজুৰি ক'ত কিমান বৃদ্ধি পালে COVID-19ৰ সংখ্যা ! - দিল্লী
ভাৰতবৰ্ষত বুধবাৰ অৰ্থাৎ ২৯ এপ্ৰিল পৰ্যন্ত মহামাৰী COVID-19ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা মুঠ ৩১,৭৮৭ জনলৈ বৃদ্ধি । আনহাতে, ভাইৰাছত আক্ৰান্ত হৈ ১,০০৮ জন লোকৰ মৃ্ত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে ৭,৭৯৭ জন লোক ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটত অধিক সংখ্যক লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাচৰ বিজাণু । দৈনিক বৃদ্ধি হৈ আছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । মহাৰাষ্ট্ৰত আজি পৰ্যন্ত ৯,৩১৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৪০০ গৰাকী ব্যক্তি। সমান্তৰালভাৱে, গুজৰাটত ৩,৭৭৪ গৰাকী লোকৰ COVID-19 পজিটিভ পোৱা গৈছে । প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যখনত আজিপৰ্যন্ত ১৮১ জনলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা । আনহাতে, ৰাজধানী চহৰ দিল্লীতো কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই । দিল্লীত বৰ্তমানলৈ ৩,৩১৪ গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৪ গৰাকী লোকৰ।
মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটৰ উপৰিও দেশৰ আন আন ৰাজ্যসমূহতো দেখা গৈছে কৰ'ণাৰ বিভীষিকা । ইতিমধ্যে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তামিলনাডুতো ২০০০ ৰ অধিক সংখ্যক লোক আক্ৰান্ত হৈছে COVID-19ত। কিন্তু দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত কিছু নিয়ন্ত্ৰণত আছে পৰিস্থিতি। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত ৩৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে হাইলাকান্দি জিলাত এজন লোকৰ মৃত্যু হৈছে।