নিউজ ডেস্ক, 3 এপ্ৰিল :ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ ক'ভিড-19ত আক্ৰান্ত হৈছে 2088 গৰাকী ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৱেব চাইটত প্ৰকাশিত তথ্য মতে, শুকুৰবাৰৰ পুৱা 9 বজালৈকে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 2088 আৰু ইয়াৰে 56 গৰাকীয়ে ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক 393 গৰাকীলোক আক্ৰান্ত হৈছে ৷ তাৰ পাচতেই তালিকাত আছে তামিলনাডু ৷ ৰাজ্যখনত 316 গৰাকী লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷
ক'ভিড-19 : বৰ্তমানলৈ ভাৰতৰ পৰিসংখ্যা ! - ভাৰতত মুঠ ক'ভিড-19ত আক্ৰান্ত হৈছে 2088 গৰাকী লোক
ভাৰতত মুঠ ক'ভিড-19ত আক্ৰান্ত হৈছে 2088 গৰাকী লোক ৷ বৰ্তমালৈকে 56 জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত ৷ গোটেই ভাৰত বৰ্ষত কৰ'ণাৰ পৰা 156 গৰাকী লোক আৰোগ্য হৈছে বুলি জানিবলৈ দিছে ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷
Ministry of Health and Family Welfare