নতুন দিল্লী,10 আগষ্ট:ভাৰতত বিগত 24 ঘণ্টাত 62,064 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ বিপৰীতে ভাইৰাছবিধত আক্ৰান্ত হোৱা প্ৰায় 15 লাখ লোক সুস্থ হোৱাৰ তথ্য পোৱা গৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্ৰালয়ৰ প্ৰকাশিত তথ্য অনুসৰি নতুনকৈ দেশত 1,007 গৰাকী লোকে মৃত্যুবৰণ কৰাৰ পিছত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি 44,386 গৰাকীলৈ বৃদ্ধি পায় ৷
COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - ICMR
ভাৰতত সোমবাৰৰ দিনটোলৈকে মুঠ 22 লাখ লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ এই সংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় 69.33 শতাংশ ৷ আইচিএমআৰ ৰ তথ্য অনুসৰি, 9 আগষ্টত 4,77,023 গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷
COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
সম্প্ৰতি দেশত 22,15,075 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ য’ত 6,34,945 গৰাকী লোকে বৰ্তমান ভাইৰাছবিধত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে 15,35,744 গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে ৷ দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,45,865 গৰাকীলৈ ৷
Last Updated : Aug 10, 2020, 4:38 PM IST