অসম

assam

COVID-১৯ : ৮ মাহৰ ভিতৰত দেওবাৰে দেশত আটাইতকৈ কম ৰোগীৰ মৃত্যু

By

Published : Jan 18, 2021, 1:39 PM IST

Updated : Jan 18, 2021, 5:25 PM IST

সোমবাৰে ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৭১,৭৭৩ জনলৈ বৃদ্ধি । ৮ মাহৰ ভিতৰত দেওবাৰে মহামাৰীত আক্ৰান্ত হৈ আটাইতকৈ কম লোকৰ মৃত্যু ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৭১,৭৭৩ জনলৈ বৃদ্ধি
ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৭১,৭৭৩ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী: চলিত মাহত দ্বিতীয়বাৰৰ বাবে হ্ৰাস পালে কৰ'ণা মহামাৰীৰ দৈনিক সংক্ৰমণৰ ঘটনা । দেওবাৰে দিনটোত নতুনকৈ ১৪,০০০জনৰো কম লোক COVID-১৯ত আক্ৰান্ত হয় । বৰ্তমানলৈকে দেশত ১,০৫,৭১,৭৭৩ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেওবাৰে COVID-১৯ত আক্ৰান্ত হৈ ১৪৫ জনৰ মৃত্যু হয় আৰু ৮ মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে আটাইতকৈ কম লোকৰ মৃত্যু হৈছে ।

বিগত ২৪ ঘণ্টাত দেশত ১৩,৭৮৮ জন নতুনকৈ COVID-১৯ত আক্ৰান্ত হৈছে । নতুনকৈ মৃত্যু হোৱা ১৪৫ জন লোকসহ এতিয়ালৈকে দেশত ১,৫২,৪১৯ জন লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমানলৈকে ১,০২,১১,৩৪২ গৰাকী লোক আৰোগ্য হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.৫৯ শতাংশলৈ বৃদ্ধি হৈছে । ভাৰতত মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৪ শতাংশ । সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩ লাখতকৈ কম । বৰ্তমান দেশত ২,০৮,০১২টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

উল্লেখ্য যে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ১৭ জানুৱাৰীলৈকে১৮,৭০,৯৩,০৩৬টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । দেওবাৰে ৫,৪৮,১৬৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক:শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

Last Updated : Jan 18, 2021, 5:25 PM IST

ABOUT THE AUTHOR

...view details