নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: ভাৰতত অব্যাহত আছে COVID-১৯ৰ সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ১২,৮৯৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ১,০৭,৯০,১৮৩ জন লোক আক্ৰান্ত হৈছে COVID-১৯ত । আনহাতে, ১,০৪,৮০,৪৫৫ জন লোক আৰোগ্য হৈ উঠিছে । মাত্ৰ এটা দিনৰ ভিতৰতে ১০৭ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।
বৰ্তমানলৈকে ১,৫৪,৭০৩ জন লোকৰ মৃত্যু হৈছে । দেশত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৭.১৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৩ শতাংশ হৈছেগৈ । দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২ লাখত কৈ হ্ৰাস পাইছে । দেশত বৰ্তমান ১,৫৫,০২৫টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।