অসম

assam

ETV Bharat / bharat

কোভিড-১৯ : ভাৰতত বৃহৎ হাৰে আৰ্থিক নীতিৰ প্ৰয়োজন আছে - লকডাউন

বিশ্ববেংকৰ প্ৰাক্তন অৰ্থনীতিবিদ কৌশিক বসুৱে কোভিড-১৯ৰ বাবে ভাৰতত বৃহৎ হাৰে আৰ্থিক প্ৰোৎসাহনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে ।

কোভিড-১৯ : ভাৰতত বৃহৎ হাৰে আৰ্থিক নীতিৰ প্ৰয়োজন আছে
কোভিড-১৯ : ভাৰতত বৃহৎ হাৰে আৰ্থিক নীতিৰ প্ৰয়োজন আছে

By

Published : May 10, 2020, 6:47 PM IST

নিউজ ডেস্ক, ১০ মে' :ভাৰতত বৃহৎ বিত্তীয় তথা আৰ্থিক প্ৰোৎসাহনৰ প্ৰয়োজন আছে, কোভিড-১৯ৰ বাবে অৰ্থনীতিৰ নিম্নগামী ধাৰাৰ সৈতে মোকাবিলা কৰিবলৈ এই কথা উল্লেখ কৰে বিশ্ববেংকৰ প্ৰাক্তন অৰ্থনীতিবিদ কৌশিক বসুৱে । দেওবাৰে এই কথা প্ৰকাশ কৰাৰ লগতে তেওঁ কয় যে, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা চৰকাৰে মুদ্ৰাকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ।

এক সাক্ষাৎকাৰত বসুৱে কয় যে, ভাৰতত অসমতা বহু পৰিমানে আছে আৰু কোভিড-১৯ৰ ফলত ই আৰু অধিক বৃদ্ধি পাব । বিশ্বৰ অৰ্থনীতিৰ ওপৰত ক'লা মেঘৰ ছায়া পৰিছে আৰু ভাৰতেও ইয়াৰ পৰা সাৰি যাব নোৱাৰে ।

"আমাক এক বৃহৎ বিত্তীয় প্ৰোৎসাহনৰ প্ৰয়োজন আছে । ভাৰতৰ হাতত বিত্তীয় ব্যৱস্থাপনা আৰু চৰকাৰে যাতে অধিক খৰচ নকৰে তাক লক্ষ্য কৰিবলৈ FRBM Act, 2003ৰ দৰে আইন আছে । কিন্তু ই হৈছে এখন অতি উন্নত আইন যিয়ে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমাক অধিক ঘাটি গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰে", বুলি তেওঁ উল্লেখ কৰে ।

শুকুৰবাৰে Moody's Investors Serviceএ উল্লেখ কৰে যে, ২০২১ বিত্তীয় বৰ্ষত ভাৰতৰ জনমুৰি আয়ে শূণ্যৰ ঘৰ চুব আৰু ৰাজহ ঘাটি বহুপৰিমানে বৃদ্ধি পাব, চৰকাৰৰ ধাৰ বৃদ্ধি হ'ব তথা সামাজিক আৰু বাহ্যিক আন্তঃগাঁথনি দুৰ্বল হৈ পৰাৰ লগতে বিত্তীয় খণ্ডটো ভংগ হৈ পৰিব । এইক্ষেত্ৰত কেন্দ্ৰই ৰাজ্যসমূহক অধিক বিনিয়োগ কৰিবলৈ অনুমতি দিব লাগিব বুলি বসুৱে প্ৰকাশ কৰে । দেশত মুদ্ৰাকৰণৰ প্ৰয়োজন সন্দৰ্ভত ৰিজাৰ্ভ বেংকে অধিক টকা চপা কৰিব লাগিব যদিও তাক অধিক বহুলভাৱে গ্ৰহণ কৰিব লাগিব বুলি কয় অৰ্থনীতিবিদগৰাকীয়ে ।

তেওঁ কৰ ব্যৱস্থাৰ ওপৰতো অধিক জোৰ প্ৰদান কৰিবলৈ মতামত প্ৰকাশ কৰে আৰু সম্পদৰ লগতে সম্পত্তিৰ ওপৰত কৰ অধিগ্ৰহণত গুৰুত্ব প্ৰদান কৰি মন্তব্য কৰে ।

কৰ্নাল বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত বসুৱে, এই মহামাৰীৰ সময়ত চৰকাৰে সমাজ আৰু অৰ্থনীতিক অতি ক্ষুদ্ৰতৰ অৱস্থাত নিয়ন্ত্ৰণ কৰিব লাগিব আৰু তাৰ বাবে যথোপযুক্ত আমোলাৰ এটা দল গঠন কৰি ব্যৱসায় বাণিজ্যৰ দিশসমূহ সাৱধানে গঠন কৰি তুলিব লাগিব বুলি কয় ।

অধিক নীতিযুক্ত অৰ্থনীতিয়ে দুৰ্যোগৰ সন্মুখীন হয় । বিশ্ব মুলধনৰ লগতে টকাৰ মুদ্ৰাষ্ফীতিৰ দ্বাৰা এইটো স্পষ্ট যে, সকলোৱে ইয়াক লৈ চিন্তিত হৈ পৰিছে । লকডাউনৰ পৰা ওলাই আহি ইউৰোপ আৰু পূব এছিয়াৰ বহুকেইখন দেশে লাভৰ সন্মুখীন হৈছে আৰু ইয়াক বিনিয়োগ হাৰ আৰু মুলধনৰ ধাৰাৰ দ্বাৰা গম পোৱা যায় । ভাৰতৰ বাবে এয়া সম্ভৱ নহয় যদিও যদিহে বিছাৰে তেতিয়াহ'লে অসম্ভৱো নহয় বুলি তেওঁ উল্লেখ কৰে ।

বিশ্বৰ অন্য প্ৰান্তৰ তুলনাত ভাৰতত কোভিড-১৯ৰ মৃত্যুৰ হাৰ বহু কম বুলি কয় অৰ্থনীতিবিদগৰাকীয়ে । জাৰ্মানীৰ দৰে দেশৰ তুলনাত ভাৰতত ৮০ শতাংশই কম মৃত্যুৰ হাৰ । আমিৰ মৃত্যুৰ ভয়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিলে নহ'ব । ইয়ে আমাৰ অৰ্থনীতিক বহু বছৰ পিছলৈ লৈ যোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ দোহাৰে ।

ABOUT THE AUTHOR

...view details