অসম

assam

By

Published : May 8, 2020, 12:45 PM IST

ETV Bharat / bharat

সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা 363 ভাৰতীয়ক উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ

সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা হ'ল 363 ভাৰতীয়ক ৷ এয়াৰ ইণ্ডিয়াৰ দুখন বিমানে আবু ধাবি আৰু ডুবাইৰ পৰা এই লোকসকলক উদ্ধাৰ কৰি কেৰেলাত অৱতৰণ কৰে ৷

প্ৰত্যাৱৰ্তন কৰা হ'ল 363 ভাৰতীয়ক
সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা 363 ভাৰতীয়ক উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ

নেশ্যনেল ডেস্ক, 8 মে' : বৃহস্পতিবাৰে নিশাৰ ভাগত কেৰালাত আহি উপস্থিত হ'ল সংযুক্ত আৰৱ গণৰাজ্যত আৱদ্ধ 363 ভাৰতীয় ৷ বৃহস্পতিবাৰৰ এই প্ৰত্যাৱৰ্তন দেশৰ ইতিহাসৰ অন্যতম বৃহৎ প্ৰত্যাৱৰ্তন হিচাপে পৰিগণিত হৈছে ৷ প্ৰবাসী 363 গৰাকী লোকৰ ভিতৰত আছিল 9 টাকৈ কেঁচুৱা ৷ উল্লেখ্য় যে, COVID-19 মহামাৰীৰ ফলত ঘোষণা কৰা আন্তৰাষ্ট্ৰীয় ভ্ৰমণ প্ৰতিবন্ধকতাৰ ফলত সংযুক্ত আৰৱ গণৰাজ্যত আৱদ্ধ হৈ আছিল এই লোকসকল ৷

সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা 363 ভাৰতীয়ক উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ

প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমানে আবুধাবিৰ পৰা 177 গৰাকী যাত্ৰী আৰু 4 টাকৈ কেঁচুৱাক কঢ়িয়াই আনি নিশা 10.09 বজাত কোচিত উপস্থিত হয় ৷ দ্বিতীয়খন বিমানে ডুবাইৰ পৰা 177 গৰাকী যাত্ৰীসহিতে 5 টাকৈ কেঁচুৱাক কঢ়িয়াই আনি নিশা 10.32 বজাত কোজিকোডেত অৱতৰণ কৰে ৷

সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা 363 ভাৰতীয়ক উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ

এই বিশাল প্ৰত্যাৱৰ্তন 'বন্দে ভাৰত মিছন হিচাপে' নামাকৰণ কৰা হয় ৷ কেৰালা চৰকাৰে এই লোকসকলক আদৰিবৰ বাবে বিমান বন্দৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ পাচতে লোকসকলৰ সংশ্লিষ্ট জিলা প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য় পৰীক্ষা কৰাৰ লগতে ইনষ্টিটিউছনেল কোৱাৰান্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰোপৰি, তেওঁলোকৰ থাৰ্মেল স্ক্ৰীনিং আৰু ৰেপিড টেষ্টৰ ব্যৱস্থাও কৰা হয় ৷

এই লোকসকলক কঢ়িয়াই অনা পাইলট আৰু কেবিন ক্ৰীউসকলে বিমানত পৰিধান কৰিছিল PPE কিট ৷ কেৰালা চৰকাৰে জানিবলৈ দিয়া অনুসৰি, উদ্ধাৰ কৰা লোকসকলৰ মাজৰ যিসকলে সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা দেশলৈ উৰা মৰাৰ সময়ত কৰ'ণা ভাইৰাছ পৰীক্ষণ কৰা নাছিল, তেওঁলোকক সংশ্লিষ্ট জিলা কৰ্তৃপক্ষৰ অধীনত 14 দিনৰ বাবে ইনষ্টিটিউছনেল কোৱাৰান্টাইনত ৰখা হ'ব ৷

আনহাতে, সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা উৰা মৰাৰ পূৰ্বে যিসকলে COVID-19 পৰীক্ষা কৰা লগতে নেগেটিভ ফলাফল লাভ কৰিছিল তেওঁলোকক 7 দিনৰ বাবে ইনষ্টিটিউছনেল কোৱাৰান্টাইনত ৰখা হ'ব ৷ 7 দিনৰ ভিতৰত তেওঁলোকে কোনো লক্ষণ প্ৰদৰ্শন নকৰিলে তেওঁলোকক পৰৱৰ্তী 7 দিনৰ বাবে হোম কোৱাৰান্টাইনত ৰখা হ'ব বুলি প্ৰকাশ কৰে মুখ্য সচিব টম জছে ৷

ABOUT THE AUTHOR

...view details