নিউজ ডেস্ক, ১৫ এপ্ৰিলঃদেশবাসীক চৰকাৰ বান্ধি দিয়া নিৰ্দেশ তথা মহামাৰী COVID-19 প্ৰতিৰোধ কৰিবলৈ দিয়া লক ডাউনৰ সময়ছোৱাত ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাই বিশিষ্ট অভিনেত্ৰী হেমা মালিনীয়ে ।
COVID-19: চৰকাৰৰ নিৰ্দেশ মানিবলৈ জনসাধৰণক আহ্বান হেমা মালিনীৰ বুধবাৰে ৭১ বছীয়া অভিনেত্ৰী গৰাকীয়ে টুইটযোগে দেশবাসীৰ উদ্দেশ্য় কয় যে,মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বৰ্তমান সময়ত আমাৰ মাতৃভূমি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে । আপোনালোক সকলোৰে জন্ম তথা ভৰণ-পোষণ এইখন মাতৃভূমিত হৈছে। গতিকে দেশখনৰ এজন সু-নাগৰিক হোৱাৰ উদ্দেশ্য আপোনালোক সকলোৱে চৰকাৰৰ দ্বাৰা বান্ধি দিয়া নীতি-নিয়ম সঠিক ৰূপে পালন কৰাতো আমাৰ সকলোৰে কৰ্তব্য ।
লগতে কয়, আপোনালোক যি জাতি তথা ধৰ্মৰে নহওঁক কিয়,আপোনালোক ঘৰৰ ভিতৰত থকাটো অত্যন্ত প্ৰয়োজন । ঘৰৰ ভিতৰত থাকিয়ে আপোনালোকে মহামাৰী COVID-19 ৰ ভয়াৱহতা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰ্ষীয়ান অভিনেত্ৰী হেমা মালিনীয়ে লক ডাউন সন্দৰ্ভত এটি ভিডিঅ'যোগে অনুৰাগী তথা দেশবাসীক কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ সন্দৰ্ভত সজাগ হ'বলৈ পৰামৰ্শ আগবঢ়াই ।
লগতে চাওকঃশিক্ষাৰ্থীসকলৰ মাজত ই-লাৰ্নিঙৰ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ