অসম

assam

ETV Bharat / bharat

অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে অব্যাহত থাকিব মালবাহী ৰে'ল - অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে অব্যাহত থাকিব মালবাহী ৰে'ল

ভাৰতীয় ৰেলৱে'ই 24 ঘন্টাই অব্যাহত ৰাখিব মালবাহী ৰে'ল ৷ জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ ৰেলৱেৰ ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান
অব্যাহত থাকিব মালবাহী ৰে'ল

By

Published : Mar 25, 2020, 8:53 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে লকডাউনৰ ফলত ৰে'ল সেৱা বাতিল হোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবৰ বাবে ভাৰতীয় ৰেলৱে'ই 24 ঘন্টাই অব্যাহত ৰাখিব মালবাহী ৰে'ল ৷

অব্যাহত থাকিব মালবাহী ৰে'ল

এক চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, "অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত জনসাধাৰণে কোনো জটিলতাৰ সন্মুখীন নহ'বৰ বাবে ভাৰতীয় ৰেলৱে'ই মালবাহী ৰে'লৰ চলাচল অব্যাহত ৰাখিছে ৷ এই লকডাউনৰ সময়তো দেশ প্ৰভাৱান্বিত নহ'বৰ বাবে ভাৰতীয় ৰেলৱে'ৰ কৰ্মচাৰীসকলে বিভিন্ন সামগ্ৰীৰ প্ৰতিষ্ঠান, ষ্টেছন আৰু কাৰ্যালয়সমূহত 24 ঘন্টাই সেৱা প্ৰদান কৰিব ৷"

অব্যাহত থাকিব মালবাহী ৰে'ল

আৰু পঢ়ক : লোকপিয়ল আৰু NPR উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ কাম স্থগিত

ABOUT THE AUTHOR

...view details