হায়দৰাবাদ, 24 মাৰ্চঃ হায়দৰাবাদত কৰ'ণা প্ৰতিৰোধৰ নিয়ম উলংঘা কৰাৰ বাবে এগৰাকী উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত কৰা হৈছে ৷ কিছুদিন পূৰ্বে আৰক্ষী বিষয়া গৰাকীৰ পুত্ৰ লণ্ডনৰ পৰা উভতি আহিছিল আৰু বিষয়াগৰাকীয়ে বিধিসন্মত স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰা দূৰৰে কথা বিভাগীয় কৰ্তৃপক্ষকো পুত্ৰৰ আগমণৰ বিষয়ে অৱগত কৰা নাছিল ৷ সোমবাৰে তেওঁৰ পুত্ৰ গৰাকী কৰ'ণাত আক্ৰান্ত বুলি নিশ্চিত হয়,এই ঘটনাৰ পাছতেই আৰক্ষী বিষয়া আৰু পুত্ৰৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হয় ৷ উল্লেখ্য যে, তেওঁলোকে বিগত কেইদিনত কেবাখনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ সম্প্ৰতি আৰক্ষী বিষয়া গৰাকীকে ধৰি তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্য আৰু তেওঁৰ সৈতে কৰ্তব্যৰত সুৰক্ষা কৰ্মীসকলকো আছুতীয়াকৈ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে ৷
কৰ'ণাঃ হায়দৰাবাদত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু - কৰ'ণাঃ হায়দৰাবাদত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু
লণ্ডনৰ পৰা উভতি অহা পুত্ৰৰ তথ্য লুকুৱাই আইনৰ ৰোষত পৰিল উপ আৰক্ষী অধীক্ষক ৷
কৰ'ণাঃ হায়দৰাবাদত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু