নিউজ ডেস্ক, ২৭ জুলাইঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে কয় যে,দিল্লীত বিগত জুন মাহত মহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৪ শতাংশলৈ হ্ৰাস পায় । কিন্তু এই শতাংশ শূন্য় ঘৰলৈ আনিবৰ বাবে প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়া হ'ব বুলি মত প্ৰকাশ কৰে ।
সোমবাৰে টুইটযোগে কেজৰিৱালে কয় যে,"দিল্লীত জুন মাহত COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৪ শতাংশলৈ হ্ৰাস পায় । মহামাৰী আৰম্ভ হোৱা পাচৰ পৰা মোৰ এইটো মহত্বপূৰ্ণ অভিযান । কিন্তু মই এতিয়ালৈকে আত্মসন্তষ্টি লাভ কৰা নাই । এই সংখ্যা শূণ্যলৈ হ্ৰাস হোৱাটো আৱশ্যক ।"
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি,ৰাজধানী দিল্লীত বৰ্তমান পৰ্যন্ত COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছে মুঠ ১,৩০,৬০৬ গৰাকী। যাৰ ভিতৰত ১১,৯০৪ গৰাকীৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১১,৪৮,৭৫ গৰাকী লোক । তাৰ বিপৰীতে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৮২৭ গৰাকীৰ ।
আনহাতে,বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশজুৰি নতুনকৈ COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছে ৪৯,৯৩১ গৰাকী। আনহাতে ২৪ ঘণ্টাত COVID-19ত আক্ৰান্ত হৈ ৭০৮ গৰাকী লোকৰ মৃত্য়ু হয় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।
লগতে চাওকঃ আই নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম অৰ্ধ শতাধিক পৰিয়াল