নিউজ ডেস্ক, ৫ জুলাই :প্ৰতিদিনেই দেশত বৃদ্ধি পাই আহিছে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । যাৰবাবে পুনৰ দেশৰ বিভিন্ন প্ৰান্তত লক্ ডাউন দিবলৈ বাধ্য হৈছে নিজ নিজ ৰাজ্য চৰকাৰে । উৰিষ্যাটো নিতৌ বৃদ্ধি পাই আহিছে আক্ৰান্তৰ সংখ্যা । যাৰবাবে ৰাজ্যখনৰ কটক পৌৰ নিগমে ৮ জুলাইৰ মাজ নিশালৈ কাৰ্যকৰী হোৱাকৈ কটক চহৰ বন্ধৰ ঘোষণা কৰিছে । ইয়াৰ লগতে উৰিষ্যা উচ্চ ন্যায়লয়ৰ লগতে সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৮ জুলাইলৈ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে ।
৮ জুলাই পৰ্যন্ত পুনৰ বন্ধ উৰিষ্যাৰ কটক চহৰ - উৰিষ্যা পৌৰ নিগম
উৰিষ্যাটো নিতৌ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । যাৰবাবে ৰাজ্যখনৰ কটক পৌৰ নিগমে ৮ জুলাইৰ মাজ নিশালৈ কাৰ্যকৰী হোৱাকৈ কটক চহৰ বন্ধৰ ঘোষণা কৰিছে । ইয়াৰ লগতে উৰিষ্যা উচ্চ ন্যায়লয়ৰ লগতে সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৮ জুলাইলৈ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে ।
covid-19-cuttack-municipal-corporation-orders-shutdown-till-july-8
উল্লেখ্য যে, উৰিষ্যা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৪১০৬ জনলৈ বৃদ্ধি পাইছে । ৫৭০৫ গৰাকী ৰোগীয়ে বৰ্তমান আৰোগ্য লাভ কৰিছে যদিও ২৩৭২ জন আক্ৰান্ত ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে । বৰ্তমানলৈ ৰাজ্যখনত ২৯ গৰাকী লোকে এই ভাইৰাছত মৃত্যু বৰণ কৰিছে ।