অসম

assam

COVID-১৯ মহামাৰীৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে CSIR

By

Published : Apr 9, 2020, 10:17 AM IST

তামিলনাডুৰ কাৰাইকুড়িৰ পৰীক্ষাগাৰত CSIR-CECRI (Central Electrochemical Research Institute) য়ে COVID-১৯ প্ৰশমিত কৰাৰ বাবে বৈজ্ঞানিক সেৱাৰ জৰিয়তে সমাজৰ মাজত নিয়াৰ চেষ্টা চলাইছে । তৈয়াৰ কৰি ওলিয়াইছে বহু চেনিটাইজাৰ, পিপিই ।

COVID-১৯ মহামাৰীৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে CSIR
COVID-১৯ মহামাৰীৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে CSIR

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বিশ্বৰ লগতে দেশত এতিয়া COVID-১৯ মহামাৰীৰ প্ৰকোপ । এই সংকটৰ সময়ত আগবাঢ়ি আহিছে CSIR । তামিলনাডুৰ কাৰাইকুড়িৰ পৰীক্ষাগাৰ CSIR-CECRI (Central Electrochemical Research Institute) য়ে COVID-১৯ প্ৰশমিত কৰাৰ বাবে বৈজ্ঞানিক সেৱাৰ জৰিয়তে বহু কেইটা সামগ্ৰী প্ৰস্তুতিৰে সমাজৰ মাজত নিয়াৰ চেষ্টা চলাইছে ।

CSIR-CECRI

CSIR-CECRI য়ে টুইট যোগে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা বহুকেইটা পদক্ষেপৰ বিষয়ে উল্লখ কৰিছে । বৰ্তমান সময়ত চেনিটাইজাৰ, হাস্পতালত উপযোগী প্ৰযুক্তি, ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (PPE) প্ৰয়োজনীয় । সেই উদ্দেশ্যে CSIR-CECRI য়ে পৰীক্ষাগাৰত তৈয়াৰী এটা পিপিইৰ ছিৰিজ প্ৰস্তুত কৰিছে । যাৰ ভিতৰত আছে-

  • বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্দেশনা পূৰ্ণ হেণ্ড চেনিটাইজাৰৰ সমাধান হৈছে (আইশ্ৰ'প্ৰপেনাল ৭৫ শতাংশ, গ্লিচেৰল ১.৪৫ শতাংশ, হাইড্ৰজেন পেৰোক্সাইড ০.১২৫ শতাংশ আৰু সুগন্ধিৰ বাবে লেমনগ্ৰাছ তেল) ।
  • হাত ধুবলৈ নাৰিকলৰ তেল আৰু ছডিয়াম হাইপ্ৰক্ল'ৰাইটো উপযোগী বীজাণু ধ্বংস কৰাৰ বাবে । এইবোৰ বটলত পেক কৰি বিনামূলীয়া কৈ বিভিন্ন সংগঠনৰ মাজত বিতৰণ কৰা হৈছিল ।

বৰ্তমানলৈকে ৩৫০ লিটাৰ হেণ্ড চেনিটাইজাৰ, ২৫০ লিটাৰ হেণ্ড ৱাছ আৰু ১০০০ লিটাৰ হাইপ' ডিছইনফেক্টটেন্টছ বিতৰণ কৰা হৈছে । ইতিমধ্য়ে এই সামগ্ৰী সমূহ বিতৰণ কৰা হৈছে-

  • কাৰাইকুড়ি পৌৰ নিগমত
  • দেবাকট্টাই পৌৰ নিগমত
  • শিৱাগংগা চৰকাৰী মেডিকেল কলেজ হাস্পতালত
  • শিৱাগংগা আৰক্ষী অধীক্ষক কাৰ্যালয় সহ অন্যান্য আৰক্ষী চকীত
  • প্ৰাথমিক চিকিৎসালয়, পঞ্জায়ত আদিকে ধৰি বহু কাৰ্যালয়ত
  • অন্যান্য চৰকাৰী বেংক ইত্যাদিত

ইয়াৰ ওপৰি গাঁৱৰ ইচ্ছুক মহিলাক মাস্ক তৈয়াৰৰো ডিজিটেল প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰিছে CSIR-CECRI য়ে । আনহাতে ৩D প্ৰিণ্টেড ফেচ শ্বীল্ড ডিচপেনছেৰী কৰ্মীসকলৰ মাজত বিতৰণ কৰা হৈছে ।

বিতৰণ কৰা হৈছে পিপিই, চেনিটাইজাৰ

বৰ্তমান CSIR-CECRI অতি কম সময়ৰ ভিতৰত ৰোগপ্ৰতিৰোধ দক্ষতা থকা ফেচ শ্বীল্ডৰ উন্নত সংস্কৰণ তৈয়াৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে চাওক- কেৱল অৰ্থনীতিয়েই নহয়, COVID19 এ গণতন্ত্ৰতো দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব !

For All Latest Updates

ABOUT THE AUTHOR

...view details