নিউজ ডেস্ক, 2 এপ্ৰিলঃজুন মাহত কংগ্ৰেছ দলৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ পাচত আৰু আগষ্টত ছোনীয়া গান্ধী সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পাচত বৃহস্পতিবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকলৈ পত্যাৱৰ্তন ঘটে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ । কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ এই বৈঠকত মহামাৰী কোভিড-19 সম্পৰ্কে ভিডিঅ' কনফাৰেন্স যোগে আলোচনা কৰা হয় ।
চি ডাব্লিউ চি ৰ বৈঠকত ৰাহুল গান্ধীৰ উপস্থিতিয়ে দলটোক কিছু সকাহ দিয়া বুলি বহু জ্যেষ্ঠ নেতাই প্ৰকাশ কৰিব বিচাৰে, আনহাতে একাংশ সংবাদ মাধ্যমে দলীয় কাম কাজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দলীয় নেতাৰ ভূমিকাত ৰাহুল গান্ধী সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰে ।