নিউজ ডেস্ক, ২২ জুনঃ পশ্চিম বংগত কংগ্ৰেছ কৰ্মীৰ বিশেষ পদক্ষেপ । ৰাজ্যখনত দ্ৰুত গতিত মহামাৰী COVID-19ৰ বৃদ্ধি পোৱা সময়তে দেওবাৰে ৰাজ্যখনৰ আছনসোল জিলাৰ হাস্পতালত ছাফাই অভিযান চলালে একাংশ কংগ্ৰেছ কৰ্মীয়ে । মহামাৰী COVID-19 প্ৰতিৰোধ তথা সজাগতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কংগ্ৰেছ কৰ্মী সকলে জিলাখনৰ অন্য স্থানটো ছাফাই অভিযান চলাই বুলি জানিবলৈ দিয়ে ।
COVID-19: পশ্চিমবংগৰ আছনসোলত কংগ্ৰেছ কৰ্মীৰ ছাফাই অভিযান
দেওবাৰে পশ্চিম বংগৰ আছনসোল জিলাৰ হাস্পতালকে ধৰি অন্যান্য ৰাজহুৱা স্থানত ছাফাই অভিযান চলালে একাংশ কংগ্ৰেছ কৰ্মীয়ে । জিলাখনত মহামাৰী COVID-19ৰ প্ৰতিৰোধ তথা সজাগতা বৃদ্ধিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে কংগ্ৰেছ কৰ্মীসকলে ।
COVID-19: পশ্চিম বংগ আছনসোলত কংগ্ৰেছ কৰ্মীৰ ছাফাই অভিযান
উল্লেখ্য যে, পশ্চিমবংগত দেওবাৰ পৰ্যন্ত মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা ৫১২৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় ৫৫৫ গৰাকী ব্যক্তিৰ ।
লগতে চাওকঃ কৰণাতংক : মুম্বাইৰ উপনগৰীয় ৰে'ল চলায় কেন্দ্ৰীয় ৰেল বিভাগৰ মহিলাই