অসম

assam

ETV Bharat / bharat

কোভিড-১৯ : মহাৰাষ্ট্ৰৰ শেহতীয়া তথ্য

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,৪৭,৭৪১ জনলৈ বৃদ্ধি পায় আৰু ৰাজ্যখনত মৃত্যুৰ সংখ্যা মুঠ ৬,৯৩১ জনলৈ বৃদ্ধি পায় । স্বাস্থ্য বিভাগে জনোৱা মতে, মুঠ ৩,৬৬১ জন ৰোগী ইতিমধ্যে সুস্থ হৈ হাস্পতালৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰা হৈছে । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭০,০০০ৰো অধিক হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে মৃত্যুৰ সংখ্যা ৪,০০০ জনলৈ বৃদ্ধি পাইছে ।

কোভিড-১৯ : মহাৰাষ্ট্ৰৰ শেহতীয়া তথ্য
কোভিড-১৯ : মহাৰাষ্ট্ৰৰ শেহতীয়া তথ্য

By

Published : Jun 26, 2020, 12:51 PM IST

নেশ্যনেল ডেস্ক, ২৬ জুন : দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭০,০০০ৰো অধিক হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে মৃত্যুৰ সংখ্যা ৪,০০০ জনলৈ বৃদ্ধি পাইছে ।

আনহাতে, বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,৪৭,৭৪১ জনলৈ বৃদ্ধি পায় আৰু ৰাজ্যখনত মৃত্যুৰ সংখ্যা মুঠ ৬,৯৩১ জনলৈ বৃদ্ধি পায় । স্বাস্থ্য বিভাগে জনোৱা মতে, মুঠ ৩,৬৬১ জন ৰোগী ইতিমধ্যে সুস্থ হৈ হাস্পতালৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰা হৈছে । সম্প্ৰতি ৰাজ্যখনত ৫,৫৬,৪২৮ জন লোক হোম কোৱাৰেণ্টাইনত আৰু ৩৩,৯৫২ জন লোক কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত আছে বুলি জানিব পৰা গৈছে ।

কোভিড-১৯ : মহাৰাষ্ট্ৰৰ শেহতীয়া তথ্য

ইফালে নাচিক এলেকাত এতিয়ালৈকে ৬,৯৩৫ জন লোক আক্ৰান্ত আৰু ৪৬৩ জন লোক মৃত্যুমুখত পৰিছে । পুণে এলেকাত ৯৩৭ জন লোকৰ মৃত্যুৰ সৈতে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২১,৩৪৬ জন বুলি জানিব পৰা গৈছে । ইয়াৰে ভিতৰত পুণে চহৰত সুকীয়াকৈ ৫৬১ জনৰ মৃত্যুৰ সৈতে ১৪,৯০১ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে ।

কোলহাপুৰ এলেকাত ১,৮১৩ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৬ জনৰ মৃত্যু হয় । ঔৰংগবাদত ২২৮ জন লোকৰ মৃত্যুৰ বিপৰীতে ৪,৮৫১ জন লোক আক্ৰান্ত, লাতুৰত ৩৫ জনৰ মৃত্যুৰ বিপৰীতে ৮৩৭ জন লোক আক্ৰান্ত, অকোলাত ১১৯ জনৰ মৃত্যুৰ বিপৰীতে ২,৩৮৪ জন লোক আক্ৰান্ত, নাগপুৰত ১৫ জনৰ মৃত্যুৰ বিপৰীতে ১,৭৪০ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে ।

আনহাতে, মহাৰাষ্ট্ৰত অন্য ৰাজ্যৰ পৰা অহা ১২১ জন লোকৰ ২৩ জনৰ ইতিমধ্যে মৃত্যু হয় । সম্প্ৰতি, মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১,৪৭,৭৪১ জন, নতুনকৈ আক্ৰান্তৰ সংখ্যা ৪,৮৪১ জন, মৃত্যুৰ সংখ্যা ৬,৯৩১ জন, সুস্থ ৰোগীৰ সংখ্যা ৭৭,৪৫৩ জন, সংক্ৰমিত ৬৩,৩৪২ জন আৰু মুঠ ৮,৪৮,০২৬ জন লোকে কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰে ।

লগতে পঢ়ক : পাকিস্তানৰ সংসদত ওচামা বিন লাডেনক শ্বহীদ আখ্যা !

ABOUT THE AUTHOR

...view details