থানে, ১০ মে': COVID-19ত ত্ৰস্তমান এতিয়া বিশ্বৰ লগতে ভাৰতবৰ্ষ । ভাৰতৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱিত হোৱা ৰাজ্যখনেই হৈছে মহাৰাষ্ট্ৰ । শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ থানে জিলাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,০০০ অধিক । শনিবাৰে জিলাখনত ধৰা পৰে মুঠ ১৮৪ টাকৈ আক্ৰান্তৰ ঘটনা । ফলত শনিবাৰলৈ জিলাখনত প্ৰকৃত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাই হৈছে ২,০০৬ গৰাকী । আনহাতে, জিলাখনত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত মৃত্যুমুখত পৰিছে ৫২ গৰাকীকৈ লোক ।
মহাৰাষ্ট্ৰত COVID-19 : থানেত ২০০০ অতিক্ৰম আক্ৰান্তৰ সংখ্যা - থানে জিলাত ২০০০ লৈ অতিক্ৰম আক্ৰান্তৰ সংখ্যা
দেশত বৰ্তমানো COVID-19 ৰ ভয়ংকৰ অৱস্থিতি । শনিবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাত ধৰা পৰিল ১৮৪ জনৰ দেহত কৰ'ণাৰ অৱস্থিতি । জিলাখনত ২০০০ লৈ অতিক্ৰম আক্ৰান্তৰ সংখ্যা ।
![মহাৰাষ্ট্ৰত COVID-19 : থানেত ২০০০ অতিক্ৰম আক্ৰান্তৰ সংখ্যা Maharashtra: COVID-19 cases in Thane district go past 2000-mark](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7133421-209-7133421-1589044915837.jpg)
জিলাখনৰ টিএমচিত ৬৭১ টা, কেডিএমচিত ৩০৫ টা, এমবিএমচিত ২৪২ টা, নবী মুম্বাইত ৫৯২ টা, উলহাছনগৰত ৩৪ টা, ভিৱান্দীত ২১ টা, অমবেৰনাথত ১৩ টা, বদলাপুৰত ৫১ টা আৰু থানে গ্ৰাম্যত ৭৭ টা ঘটনা পোহৰলৈ আহিছে । লক্ষ্যণীয় যে, ইয়াৰ ওচৰ-চুবুৰীয়া পালঘৰত ২১৭ টা সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছে ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা তথ্য় অনুসৰি বৰ্তমানলৈকে মহাৰাষ্ট্ৰত ২০,২২৮ টা আক্ৰান্তৰ ঘটনা ধৰা পৰাৰ লগতে সক্ৰিয় হৈ আছে ১৫,৬৪৯ টা ঘটনা । আনহাতে ৰাজ্যখনত মৃত্যু হৈছে ৭৭৯ গৰাকী লোকৰ । ইয়াৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৩,৮০০ গৰাকী আক্ৰান্তই । আনহাতে ভাৰতত আক্ৰান্তৰ সংখ্যা ৬২,৮৬৬ লৈ বৃদ্ধি পাইছে ।