অসম

assam

29 হাজাৰলৈ বৃদ্ধি পালে দিল্লীৰ COVID-19 আক্ৰান্তৰ সংখ্যা, নিহত 874

By

Published : Jun 9, 2020, 8:39 AM IST

ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 29,000 ৰো অধিক হ'ল ৷ আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা 874 গৰাকী ৷

নিহত 874 গৰাকী
29 হাজাৰলৈ বৃদ্ধি পালে দিল্লীৰ COVID-19 আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, 9 জুন : সোমবাৰে দিল্লীত কৰ'ণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 1,007 জন লোক ৷ ইয়াৰ ফলত ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 29,000 ৰো অধিক হ'ল ৷ আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা 874 গৰাকী ৷

30 মে'ৰ পৰা 6 জুনলৈ দেশৰ ৰাজধানীখনত 62 গৰাকী COVID-19 ৰোগীৰ মৃত্যু হৈছে আৰু 5 জুনত প্ৰাণ হেৰুৱাইছে 27 গৰাকীয়ে ৷ 3 জুনত সৰ্বাধিক আক্ৰান্ত হৈছিল 1,513 গৰাকী লোক ৷

সোমবাৰে দিল্লী স্বাস্থ্য বিভাগে কৈছিল যে, 29,943 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা 874 গৰাকীলৈ বৃদ্ধি পাইছে ৷

হাস্পতালসমূহত চিকিৎসা লাভত সহায় হ'বৰ বাবে চৰকাৰী হাস্পতালসমূহত দিল্লী চৰকাৰে হেল্পডেস্কৰ ব্যৱস্থা কৰিছে ৷ দিল্লীৰ চাৰিখন জিলাত COVID-19 ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে District Core Team গঠন কৰি দিয়া হৈছে ৷

দিল্লী স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জেইনে সাংবাদিকৰ সন্মুখত কয় যে, 14 দিনৰ অন্তত ৰাজ্যখনত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ ফলত অহা দুটা সপ্তাহৰ অন্তত আক্ৰান্তৰ সংখ্যা 56,000 লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

দিল্লী স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 11,357 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে সক্ৰিয় হৈ আছে 17,712 টা ঘটনা ৷

আনহাতে, দেশত আক্ৰান্তৰ সংখ্যা 2,55,615 গৰাকীলৈ বৃদ্ধি পাইছে ৷

ABOUT THE AUTHOR

...view details