নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ প্ৰত্য়েক ১০ দিনৰ অন্তত ভাৰতত COVID-19 ত আক্ৰান্তৰ সংখ্যা দুগুনে বৃদ্ধি পাইছে । ঠিক সময়ত লক ডাউনৰ ঘোষণা নকৰিলে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হলেহেঁতেন দেশবাসী । আৰু যদিহে লক ডাউন সঠিক সময়ত দিয়া নগলহেঁতেন তেন্তে বৰ্তমান পৰ্যন্ত COVID-19 ত আক্ৰান্তৰ সংখ্যাই ১ লাখ অতিক্ৰম কৰিলে হয় । শুকুৰবাৰে এনেদৰে মন্তব্য কৰে নীতি আয়োগৰ সদস্য ভি.কে পাউলে ।
ভাৰতত প্ৰত্য়েক ১০ দিনৰ অন্তত দুগুণে বৃদ্ধি COVID-19 ত আক্ৰান্তৰ সংখ্যা - COVID-19
সমগ্ৰ দেশজুৰি প্ৰত্য়েক ১০ দিনৰ অন্তত COVID-19ত আক্ৰান্তৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে । শুকুৰবাৰে এই কথা সদৰী কৰে নীতি আয়োগৰ সদস্য ভি.কে পাউলে । লক ডাউন সঠিক সময়ত নিদিয়া হলে বৰ্তমান পৰ্যন্ত ১ লাখতকৈ অধিক লোক COVID-19 ত আক্ৰান্ত হলহেঁতেন বুলি মন্তব্য কৰে পাউলে।

ভাৰতত প্ৰত্য়েক ১০ দিনৰ অন্তত দুগুণে বৃদ্ধি COVID-19 ত আক্ৰান্তৰ সংখ্যা
লগতে ২৩ মাৰ্চৰ পূৰ্বে লগোৱা প্ৰতিবন্ধতাৰ বাবে ৬ এপ্ৰিলত COVID-19 আক্ৰান্তৰ সংখ্য়া হ্ৰাস পায় । যাৰ বাবে দেশজুৰি দিয়া লক ডাউনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো কেন্দ্ৰীয় চৰকাৰক । লক ডাউন বঢ়োৱাৰ সিন্ধান্ত সময়উপযোগী হৈছে বুলিও মন্তব্য কৰে ভি.কে পাউলে ।