অসম

assam

ETV Bharat / bharat

ক'ভিড-১৯: অভিবাসী শিশু শ্ৰমিক সকলৰ বাবে ভয়াবহ বিপদ সমাগত - children

ইটিভি ভাৰতৰ সাংবাদিক চন্দ্ৰকলা চৌধুৰীৰ প্ৰতিবেদনত বৰ্ণনা কৰা মতে ক'ভিড-১৯য়ে অভিবাসী শিশু শ্ৰমিক সকলৰ বাবে ভয়াবহ বিপদ মাতি আনিব । কিয়নো অতি কম বয়সতে শ্ৰমত নিয়োজিত হয় এই সকল শিশু। আইএলঅ'ই উল্লেখ কৰা মতে সমগ্ৰ বিশ্বত প্ৰায় ১৫২ মিলিয়ন শিশু শ্ৰমৰ লগত জড়িত ।

COVID-19: Big disaster waits ahead for small children of migrant labourers
ক'ভিড-১৯: অভিবাসী শিশু শ্ৰমিক সকলৰ বাবে ভয়াবহ বিপদ সমাগত

By

Published : Jun 14, 2020, 2:35 AM IST

নিউজ ডেস্ক, ১৩জুন: ক'ভিড-১৯ৰ সংকটপূৰ্ণ অৱস্থাত শিশুসকলৰ বাবে এতিয়া আন এক ভয়াবহ সংকতে মুৰ তুলি উঠিব । যিহেতু সেইসকল শিশু ঘৰমূৱা হৈছে যি ভাতমুঠিৰ বাবে অন্য স্থানত শিশু শ্ৰমিক হিচাবে কাম কৰি আহিছিল আৰু এতিয়া এওঁলোক খাদ্য আৰু মজুৰিৰ পৰা বঞ্চিত হৈ ঘৰমূৱা হৈছে । এতিয়া এই সকল শিশু শ্ৰমিকৰ ঘৰমূৱা হোৱাৰ বাহিৰে কোনো বিকল্প নায় ।

শেহতীয়া জৰিপ অনুযায়ী আমাৰ দেশত ১কোটিৰো অধিক শিশু শ্ৰমিক আছে আৰু অধিক সংখ্যকেই কৰ্মস্থলিতে থাকি কাম কৰে ।

মহামাৰী ক'ৰণা, স্বাস্থ্যজনিত কাৰণ তথা আৰ্থিক অনাটনৰ বাবে দেশৰ বিভিন্ন চহৰসমূহৰ পৰা সকলো ঘৰমূৱা হৈছে। একে ধৰনেই শিশু শ্ৰমিক সকলো স্বগৃহমুখী হৈছে। ইটিভি ভাৰতক এইছ.এ.কিউ.- শিশু অধিকাৰ কেন্দ্ৰৰ এগৰাকী উপদেষ্টা এনাক্ষী গাংগুলিয়ে দিয়া বাখ্যা মতে, কাম অবিহনে পৰিয়ালৰ উপাৰ্জন বন্ধ হৈ পৰাৰ ফলত ইয়াৰ চাপ শিশু অাৰু মহিলা সকলৰ ওপৰত বেছিকৈ পৰে ।

ক'ভিড-১৯: অভিবাসী শিশু শ্ৰমিক সকলৰ বাবে ভয়াবহ বিপদ সমাগত

দেখিবলৈ পোৱা যায়, নগৰ চহৰ সমূহত দৈনিক কাম কৰা শ্ৰমিকসকলে তেওঁলোকৰ শিশু সকলক বিদ্যালয়লৈ পঠায় আৰু বিভিন্ন পৰিস্থিতিত তেওঁলোকক বিদ্যালয়ৰ শিক্ষাগ্ৰহণৰ পৰা আঁতৰাই শিক্ষাৰ পৰা বঞ্চিত কৰা হয় । যদিহে শিশুটি শিক্ষাগ্ৰহণৰ পৰা দীঘলীয়া সময়ৰ বাবে আঁতৰি থাকিব লগা হয়, তেতিয়াই শিশুটিৰ পঢ়াৰ প্ৰতি থকা ধাউতি হেৰাই পৰে। ফলত পুনৰ বিদ্যালয়লৈ ওভতি যোৱাৰ সুযোগ কম হৈ পৰে । আৰু শেষত শিশুটিক কাম কৰিবৰ বাবে বাধ্য কৰোৱা হয় ।

ABOUT THE AUTHOR

...view details