নিউজ ডেস্ক, 19: মানৱ শৰীৰত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক পৰীক্ষণৰ বাবে হাদৰাবাদস্থিত ভাৰত বায়'টেকে এইমছৰ অনুমতি লাভ কৰিছে ৷ শনিবাৰে এইমছৰ বিশেষ কমিটিয়ে পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছে ভাৰত বায়'টেকৰ লগতে নেশ্বনেল ইনষ্টিটিউত অৱ ভাৰনলজিক ৷ অনুমতি লাভ কৰাৰ পাছতে সোমবাৰৰ পৰা ভাৰত বায়'টেকে প্ৰস্তুত কৰি উলিওৱা কৰ'ণাৰ প্ৰতিষেধক "Covaxin" ক মানৱ শৰীৰত পৰীক্ষণ কৰিবৰ বাবে সুস্থ ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব দিল্লী এইমছে ৷
"Covaxin" মানৱ শৰীৰত পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিলে ভাৰত বায়'টেকে - 18 পৰা 55 বছৰ বয়সৰ ভিতৰৰ ব্যক্তিৰ দেহত চলোৱা হ'ব "Covaxin" ৰ পৰীক্ষণ
শীঘ্ৰেই ভৰত বায়'টেকে প্ৰস্তুত কৰি উলিওৱা কৰ'ণাৰ প্ৰতিষেধক "Covaxin" ক মানৱ শৰীৰত পৰীক্ষণ কৰিব দিল্লী এইমছে ৷
দিল্লী ইমছৰ অন্তৰ্গত চেন্টাৰ ফ'ৰ কমিউনিতি মেডিছিনৰ অধ্যাপক ডাঃ সঞ্জয় ৰায়ে জনোৱা অনুসৰি কোভিড-19 ত আক্ৰান্ত নোহোৱা 18 পৰা 55 বছৰ বয়সৰ কিছু সংখ্যক ব্যক্তিৰ দেহত চলোৱা হ'ব এই পৰীক্ষণ ৷ ইয়াৰে বাবে বৰ্তমান পঞ্জীয়ন আৰম্ভ কৰিছে নেশ্বনেল ইনষ্টিটিউত অৱ ভাৰনলজিয়ে ৷ এই পৰীক্ষণত অংশগ্ৰহণ কৰিবৰ বাবে আগ্ৰহী সকলে Ctaiims.covid19@gmail.com ত মেইল কৰিব পাৰিব বুলি জনাইছে অধ্যাপক ডাঃ সঞ্জয় ৰায়ে ৷ ইয়াৰ ওপৰিও 7428847499 নম্বৰত যোগাযোগ কৰিও পৰীক্ষণত অংশগ্ৰহণ কৰিব পাৰিব বুলি জনাইছে চিকিৎসক তথা অধ্যাপক গৰাকীয়ে ৷ উল্লেখ্য যে এই প্ৰতিষেধকটো পৰীক্ষণৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা চমুকৈ "ICMR" য়ে 12 টা নিৰ্দিষ্ট ঠাই নিৰ্বাচন কৰিছে ৷ ইতিমধ্যেই পাটনা এইমছ আৰু কিছু ঠাইত পৰীক্ষণৰ কাম সফল ভাৱে আৰম্ভ হৈছে ৷
লগতে পঢ়কঃ অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য