অসম

assam

ETV Bharat / bharat

কোভিড-19: ৰাজস্থানত চিকিৎসকৰ নিৰীক্ষণত আৰক্ষীক HCQ দিবলৈ নিৰ্দেশনা জাৰী - কৰ’ণা ভাইৰাছ

ৰাজস্থানৰ স্বাস্থ্য বিভাগে জাৰী কৰা এক নিৰ্দেশনা অনুসৰি, ৰাজ্যখনত কৰ্তব্য সমাপন কৰি থকা আৰক্ষীৰ লোকসকলক চিকিৎসকৰ নিৰ্দেশত HCQ অৰ্থাৎ হাইড্ৰক্সিক্লৰ’কুইনৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ কোৱা হৈছে ৷

আৰক্ষীক HCQ দিবলৈ নিৰ্দেশনা জাৰী
আৰক্ষীক HCQ দিবলৈ নিৰ্দেশনা জাৰী

By

Published : Apr 11, 2020, 12:18 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ সমগ্ৰ দেশতে কৰ’ণা ভাইৰাছৰ প্ৰকোপ অব্যাহত আছে ৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে জাৰী থকা যুঁজখন চলাই নিছে দেশৰ আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সেৱাত জড়িত থকা লোকসকলে ৷ সদ্যহাতে কৰ’ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে চৰ্চালৈ আহে ভাৰতবৰ্ষ ৷ বিশেষকৈ হাইড্ৰক্সিক্লৰ’কুইনৰ বাবে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰে ভাৰতে ৷

শেহতীয়াকৈ ভাৰতত আৱিষ্কৃত হাইড্ৰক্সিক্লৰ’কুইনক লৈ ৰাজস্থান চৰকাৰে জাৰী কৰিছে এক নিৰ্দেশনা ৷ নিৰ্দেশনাটোত স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী বিভাগৰ কথা উল্লেখ কৰিছে চৰকাৰে ৷ সেই অনুসৰি, স্বাস্থ্য় বিভাগৰ তীক্ষ্ণ নিৰীক্ষণত ৰাজস্থানৰ কৰ’ণা আক্ৰান্ত অঞ্চলসমূহত কৰ্মৰত আৰক্ষীৰ ব্যক্তিসকললৈ নিৰ্দেশনাটোত অধ্যাদেশ জাৰী কৰা হৈছে ৷

ৰাজ্যখনৰ স্বাস্থ্য আৰু চিকিসা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, ৰোহিত কুমাৰে প্ৰকাশ কৰা অনুসৰি, ৰাজস্থানৰ কৰ’ণা আক্ৰান্ত অঞ্চলসমূহত দায়িত্ব পালন কৰি থকা আৰক্ষীৰ লোকসকলক এতিয়াৰে পৰা প্ৰদান কৰা হ’ব হাইড্ৰক্সিক্লৰ’কুইন ৷ ৰাজ্যখনৰ জ্যেষ্ঠ চিকিৎসকসকলৰ নিৰীক্ষণত আৰক্ষীৰ লোকসকলক পালন কৰা হ’ব এই প্ৰতিষেধক ৷ শুকুৰবাৰে ৰাজ্যখনত জাৰী কৰা হয় এই বিশেষ নিৰ্দেশনা ৷

ABOUT THE AUTHOR

...view details