নিউজ ডেস্ক, 6 এপ্ৰিলঃ আমাৰ অস্তিত্ব কৃষি-কৰ্মৰ ওপৰত নিৰ্ভৰশীল ৷ কিন্তু এই সংকটৰ সময়চোৱাত ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে দেশবাসী ৷ কৰ'ণা ভাইৰাছৰ ফলত উপায়হীন হৈ পৰিছে দেশৰ কৃষক ৷ আগন্তুক সময়চোৱাৰ বাবে দেশক 250 লাখ কুইন্টলৰ বীজৰ আৱশ্যক কিন্তু আমাৰ শস্যৰাজী মানদণ্ড কেনে হ'ব এয়া চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে ভাৰতৰ কৃষকসকলক যোগান ধৰা বীজসমূহৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দি থকা সময়ত , আগন্তুক বাৰিষা কালৰ বাবে খেতিয়কলৈ ভাল মানদণ্ডৰ বীজ সময়ত উৎপাদন কৰাটো এক প্ৰকাৰৰ অসম্ভৱ ৷
বাৰিষা কালৰ বাবে ভাৰতক প্ৰায় 250 লাখ কুইন্টলৰ বীজৰ আৱশ্যক ৷ এই বীজৰ বাবে মাৰ্চৰ পৰা মে' মাহলৈ প্ৰস্তুতি আৰম্ভ হয় ৷ খেতি পথাৰত পৰাগ-ৰেণুসমূহৰ বিশেষ দলৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হ'ব ৷ তাৰ পিছত বীজখিনি শুকাই পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে প্ৰেৰণ কৰা হ'ব ৷ পৰীক্ষাগাৰত বীজসমূহ দি অৱশেষত কৃষকলৈ প্ৰেৰণ কৰা হয় ৷ বীজ উৎপাদনৰ প্ৰক্ৰিয়াটোৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয় ৷ এই সময়ছোৱাত বীজসমূহ বাৰে বাৰে স্থানান্তৰ কৰাটো অসম্ভৱ ৷ বীজ উৎপাদন,পৰিবহণৰ পৰা পৰীক্ষাগাৰলৈ আৰু পেকেজিং কৰালৈ অতি জটিল প্ৰক্ৰিয়া ৷
কৰ'ণা মহামাৰীৰ বাবে বৰ্তমান দেশত বীজ উৎপাদনৰ পৰা পেকেজিঙলৈ সকলো প্ৰক্ৰিয়া বিফল পৰিলক্ষিত হৈছে ৷ কৃষকৰ বাবে ভাৰত আজি চহকী হৈ আছে কিন্তু এনেধৰণে চলি থাকিলে কৃষকসকলক ৰক্ষা কৰিবলৈ কেন্দ্ৰই শীঘ্ৰে পদক্ষেপ ল'ব লাগিব ৷ এই সময়ছোৱাত সকলোৰে বাবে প্ৰথম প্ৰশ্নটো হৈছে কিদৰে বাৰিষা কালৰ বাবে খেতিয়কক 250 লাখ কুইন্টল বীজ প্ৰদান কৰা হ'ব ৷