অসম

assam

By

Published : Apr 29, 2020, 11:40 PM IST

ETV Bharat / bharat

COVID-19 পজিটিভ সাংবাদিকৰ সংস্পৰ্শলৈ অহা পাঁচ মন্ত্ৰীৰ পৰীক্ষণ

COVID-19 পজিটিভ এজন ভিডিঅ' সাংবাদিকৰ সংস্পৰ্শলৈ অহা কৰ্ণাটকৰ পাঁচজন মন্ত্ৰীৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ 21-24 এপ্ৰিলত পাঁচজন মন্ত্ৰীৰ সংস্পৰ্শলৈ আহিছিল ভিডিঅ' সাংবাদিকজন ৷

কৰ্ণাটকৰ পাঁচজন মন্ত্ৰী
COVID-19 পজিটিভ সাংবাদিকৰ সংস্পৰ্শলৈ অহা পাঁচ মন্ত্ৰীৰ পৰীক্ষণ

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : COVID-19 পজিটিভ এজন ভিডিঅ' সাংবাদিকৰ সংস্পৰ্শলৈ অহা বাবে কৰ্ণাটকৰ পাঁচজন মন্ত্ৰীৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ বুধবাৰে এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, কানাড়া নিউজ চেনেলৰ এজন সাংবাদিকৰ সংস্পৰ্শলৈ আহিছিল এই মন্ত্ৰীকেইজন ৷

মন্ত্ৰী এছ. সুৰেশ কুমাৰে কয়, "কৰ'ণা ভাইৰাছত আক্ৰান্ত এজন সাংবাদিক বন্ধুৰ সংস্পৰ্শলৈ আহিছিল আমাৰ পাঁচজন মন্ত্ৰী ৷ ইয়াৰ পাচতে তেওঁলোকৰ পৰীক্ষণ কৰা হয় ৷ এই পাঁচজন মন্ত্ৰীৰে এজনে জানিবলৈ দিয়া অনুসৰি তেওঁ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই ৷"

ইয়াৰোপৰি, মন্ত্ৰীকেইজনে কোৱাৰান্টাইন সম্পূৰ্ণ কৰা বুলিও জানিব পৰা গৈছে ৷ BBMP (city civic body) ৰ দ্বাৰা 'কনটেইনমেন্ট জ'ন' হিচাপে পৰিগণিত অঞ্চলত এই সাংবাদিকজন উপস্থিত হোৱাৰ পাচতে 24 এপ্ৰিলৰ দিনা তেওঁ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ আনহাতে, এই সাংবাদিকজন 21-24 এপ্ৰিল পৰ্যন্ত এই পাঁচজন মন্ত্ৰীৰ সান্নিধ্যলৈ আহিছিল ৷

এই সময়ছোৱাত সাংবাদিকজনে মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পাৰ কাৰ্যালয় 'কৃষ্ণা' ভ্ৰমণ কৰিছিল যদিও তেওঁ মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰা নাছিল বুলি প্ৰকাশ ৷ 23 এপ্ৰিলৰ দিনা তেওঁ অন্য সাংবাদিকসকলৰ সৈতে নমুনা পৰীক্ষা কৰাইছিল আৰু পাচদিনা তেওঁক পজিটিভ বুলি সদৰী কৰা হৈছিল ৷

ইয়াৰ পাচতে তেওঁৰ সংস্পৰ্শলৈ অহা পৰিয়াল আৰু অন্যান্য সংবাদ মাধ্যমৰ প্ৰায় 40 জন লোকক কোৱাৰান্টাইনত ৰখা হৈছে বুলি প্ৰকাশ ৷

ABOUT THE AUTHOR

...view details