নিউজ ডেস্ক, ৪ জুলাইঃমহামাৰী COVID-19ৰ পৰা আৰোগ্য় হৈ উঠা ৪৭ গৰাকী কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা কৰ্মচাৰীয়ে শুকুৰবাৰে দান কৰিলে প্লাজমা । দিল্লী আৰু মুম্বাই কৰ'ণা আক্ৰান্ত ৰোগীসকলৰ সহায়ৰ উদ্দেশ্যৰে ৰক্ত প্লাজমা দান কৰে CISFৰ কৰ্মীসকলে ।
আনহাতে,পেৰামিলিটাৰী বিভাগৰ এগৰাকী মুখপ্ৰাত্ৰই কোৱা অনুসৰি,CISFৰ সঞ্চালক প্ৰধান ৰঞ্জনে কৰ'ণা মুক্ত হোৱা এই সেনাসকলক এই মহান কামত অংশ গ্ৰহণ তথা সহায় কৰি বৰ্তমানেও কৰ'ণাত আক্ৰান্ত ৰোগীসকৰ প্ৰাণ কৰিবলৈ আহ্বান জনাই । লগতে কয়, CISFৰ কৰ্মচাৰীসকলৰ এই প্লাজমা সেৱা দিল্লীৰ আৰু মুম্বাইৰ কৰ'ণা আক্ৰান্ত ব্যক্তিসকলৰ বাবে উবলব্ধ হ'ব বুলি জানিবলৈ দিয়ে । আনহাতে, ৮ গৰাকী CISFৰ কৰ্মচাৰী ইতিমধ্যে কৰ'ণা ভাইৰাছত আত্ৰান্ত হৈ মৃত্যু হয় বুলিও সদৰি কৰে ।