অসম

assam

By

Published : May 20, 2020, 10:54 AM IST

ETV Bharat / bharat

COVID-19: তেলেংগানাত 42 জন নতুনকৈ আক্ৰান্ত, 1,634 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

মঙলবাৰৰ দিনটোত তেলেংগানাত নতুনকৈ 42 জন লোকৰ শৰীৰত পোৱা গ'ল COVID-19 । ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয় 1,634 জনলৈ ।

তেলেংগানাত 41 জন নতুনকৈ আক্ৰান্ত
তেলেংগানাত 41 জন নতুনকৈ আক্ৰান্ত

নিউজ ডেস্ক, 20 মে': মঙলবাৰে তেলেংগানাত নতুনকৈ 42 গৰাকী লোকৰ দেহত পোৱা যায় COVID-19 । ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা 1,634 লৈ বৃদ্ধি হয় ৰাজ্যখনত । ৰাজ্যখনত আৰোগ্য হৈ উঠিছে 1,011 গৰাকী লোক । আনহাতে মৃত্যু হৈছে 38 গৰাকীৰ । বৰ্তমান ৰাজ্যখনত সক্ৰিয় হৈ আছে 585 টা ঘটনা । তেলেংগানা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ।

ইতিমধ্যে ৰাজ্যখনলৈ ভিন্ন স্থানত থকা লোকসকল উভতি আহিছে । ইয়াৰ ফলত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকা বৃদ্ধি পাইছে । সেয়ে মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে প্ৰশাসনক নিৰ্দেশনা দিছিল যে, বাহিৰৰ পৰা অহা লোকসকলক ৰাজ্যৰ প্ৰৱেশদ্বাৰ সমূহতেই চিনাক্ত কৰিব লাগিব । যি সকলৰ দেহত ৰোগৰ কোনো লক্ষণ নাই তেনে লোকক ঘৰতেই হওক বা চৰকাৰী সুবিধাতেই হওক, কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব লাগিব আৰু লক্ষণে দেখা দিয়া লোকসকলক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব ।

বৰ্তমান ভাৰতত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা 1,01,119 টা আছে । ইয়াৰে 39,174 গৰাকীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে মৃত্যু হৈছে 3,163 গৰাকী লোকৰ ।

ABOUT THE AUTHOR

...view details