অসম

assam

ETV Bharat / bharat

অললাইন সংগীতানুষ্ঠান : 40 সংগীতজ্ঞ আৰু 6 খন দেশৰ উপস্থিতি

বিশ্বৰ বিভিন্ন অঞ্চলৰ 40 সংগীতজ্ঞ আৰু 6 খন দেশৰ উপস্থিতিত অনলাইন সংগীতানুষ্ঠান ৷ 22 এপ্ৰিলত 60 মিনিটৰ বাবে অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷

40 সংগীতজ্ঞ আৰু 6 খন দেশৰ উপস্থিতি
অললাইন সংগীতানুষ্ঠান

By

Published : Apr 21, 2020, 7:18 PM IST

নেশ্যনেল ডেস্ক,21 এপ্ৰিল : গ্ৰেমী এৱাৰ্ডজয়ী ভাৰতৰ ৰিকী কেজ,আমেৰিকাৰ লউৰা ডিকেনছন আৰু দক্ষিণ আফ্ৰিকাৰ বাঁহী বাদক ৱটাৰ কেলাৰমেন আৰু বহুকেইজন বিখ্যাত সংগীতজ্ঞই COVID-19 ৰ বিৰুদ্ধে যুঁজ আৰু লক ডাউনৰ সমৰ্থন জনাই নিজ নিজ ঘৰৰ পৰাই সংগীত পৰিৱেশন কৰিব ৷

22 এপ্ৰিলত অনুষ্ঠিত হ'বলগা 60 মিনিটৰ এই অনুষ্ঠানত 40 জন সংগীতজ্ঞৰ লগতে ছয়খনকৈ দেশেও অংশগ্ৰহণ কৰিব ৷ এই সম্পৰ্কত সংগীত পৰিচালক, নিৰ্মাতা আৰু পৰিৱেশবিদ ৰিকী কেজে কয়,"বৰ্তমান সংগীতেই হৈছে সকলোৱে উপভোগ কৰা সংস্কৃতি ৷ সংগীতে সামাজিক সামঞ্জস্যতা বৃদ্ধি কৰাৰ লগতে মানৱীয় ধ্যান আৰু একতাৰ ভাৱ জাগ্ৰত কৰে ৷ এই সংগীতানুষ্ঠানৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ পৰিৱেশ সুৰক্ষিত ৰখাৰ প্ৰয়োজনীয়তা সম্পৰ্কত সজাগতা বৃদ্ধি কৰা ৷"

তেওঁ লগতে কয়,"বৰ্তমানৰ পৰিস্থিতিয়ে সকলো ব্যক্তি,প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰক প্ৰভাৱান্বিত কৰিছে ৷ সেয়েহে আমি সকলোকে আহ্বান জনাইছো যে,আহক আৰু একেলগে সাকাৰাত্মক চিন্তাধাৰা কৰাৰ লগতে আমি বাস কৰা পৃথিৱীখনক সুৰক্ষিত ৰাখো ৷"

One Page Spotlight নামৰ এক সামাজিক নেটৱৰ্কিং ছাইটে আয়োজন কৰা এই সংগীতানুষ্ঠানত শিল্পী হিচাপে উপস্থিত থাকিব Senegalese, গায়ক বাবা মাল,ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাদ্য যন্ত্ৰকাৰ বিশ্ব মোহন ভট্ট আৰু আমেৰিকাৰ গায়ক-লেখক লনি পাৰ্ক ৷

উল্লেখ্য় যে,এই সংগীতানুষ্ঠান WHO, WWF, Earth Day Network, UNFCCC, UNCCD, UNICEF আৰু One Page Spotlight ৰ অফিচিয়েল পেজৰ দ্বাৰা উপভোগ কৰিব পৰা যাব ৷ সংগীতানুষ্ঠানত উপস্থিত থকাৰ লগতে বক্তব্য আগবঢ়াব ডঃ তেডৰছ আধানম,পৱন সুখদেৱ,ইব্ৰাহিম থিয়াও আৰু এইচ. সাধগুৰুয়ে ৷

ABOUT THE AUTHOR

...view details