নতুন দিল্লী,27 ডিচেম্বৰ:ভাৰতবৰ্ষত 1,01,87,850 গৰাকী ব্যক্তি বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ শেহতীয়াকৈ এদিনতে 18,732 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ অৱস্থিতি ৷ আক্ৰান্তসকলৰ ভিতৰত 97,61,538 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰে ৷ সম্প্ৰতি দেশত আৰোগ্যৰ হাৰ 95.82 শতাংশ ৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য ৷
ইপিনে, ভাইৰাছবিধত আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত 1,47,622 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লয় ৷ বিগত 24 ঘণ্টাত প্ৰাণ হেৰুৱাই 279 গৰাকী আক্ৰান্ত ব্যক্তিয়ে ৷ ভাৰতবৰ্ষত মৃত্যুৰ হাৰ হৈছে 1.44 শতাংশ ৷