অসম

assam

14 দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

By

Published : Nov 5, 2020, 8:18 AM IST

অৰ্ণৱৰ লগতে আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দুই অভিযুক্ত ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাক ৷ তদন্তৰ নামত সাংবাদিকগৰাকীক আটক কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বে-আইনী বুলি মন্তব্য কৰে অধিবক্তা আবাদ পোণ্ডাই ৷

Court rejects police's plea for Arnab's custody, sends him in judicial remand
অৰ্ণৱ গোস্বামীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক, 5 নৱেম্বৰ : 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক সাংবাদিক অৰ্ণৱ গোস্বামীক ৷ 2018 চনতে এটা আত্মহত্যাৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰ সন্দৰ্ভত বুধবাৰে মুম্বাইস্থিত নিজা বাসগৃহৰ পৰা মহাৰাষ্ট্ৰ আৰক্ষীৰ চিআইডিয়ে আটক কৰিছিল সাংবাদিকগৰাকীক ৷ আৰক্ষীয়ে 14 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও ইয়াক খাৰিজ কৰি মুম্বাইৰ আলিবাগ জিলা দণ্ডাধীশৰ আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সাংবাদিকগৰাকীক ৷

2018 চনত আত্মহত্যা কৰা এগৰাকী আত্মহত্যাকাৰীৰ টোকাৰ ভিত্তিত সাংবাদিকগৰাকীৰ লগতে ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ কিন্তু উপযুক্ত তথ্য প্ৰমাণ নথকাৰ বাবে নিষ্পত্তি কৰা হৈছিল গোচৰটো ৷ কিন্তু বুধবাৰে পুনৰ উক্ত গোচৰৰ সন্দৰ্ভত আটক কৰা হয় সাংবাদিক গৰাকীক ৷ বৰ্তমান ঘটনা সন্দৰ্ভত পুনৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে আন দুই অভিযুক্ত ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাকো 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷

পুনৰ আৰম্ভ হোৱা এই গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে 28 জন ব্যক্তিলৈ জাননী প্ৰেৰণ কৰিছে ৷ বৰ্তমানলৈকে ইয়াৰে 17 জনৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ য'ত আত্মহত্যা কৰা অনভয় নাইকৰ ফাৰ্মত কাম কৰা হিচাপ ৰক্ষক আৰু কৰ্মচাৰীও আছে ৷ আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত নতুন তথ্য লাভ কৰিছে বুলি জনোৱাৰ বিপৰীতে অৰ্ণৱ গোস্বামীৰ অধিবক্তা আবাদ পোণ্ডাই মন্তব্য কৰে যে, অৰ্ণৱ গোস্বামীক বে-আইনী ভাৱে আটক কৰা হৈছে ৷ তদন্তৰ নামত সাংবাদিক গৰাকীক আটক কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বে-আইনী বুলি মন্তব্য কৰে অধিবক্তা আবাদ পোণ্ডাই ৷

উল্লেখনীয় যে, 2018 চনত সংঘটিত এটা আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক ৷ 53 বৰ্ষীয় অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে উক্ত বৰ্ষৰ মে' মাহত আলিবাগত আত্মহত্যা কৰিছিল ৷ নায়কে আত্মহত্যাৰ টোকাত অৰ্ণৱ গোস্বামীৰ লগতে আন দুগৰাকীয়ে তেওঁক 5.40 কোটি টকা দিবলৈ বাকী থকা বুলি লিখি থৈছিল ৷ দুবছৰ পূৰ্বৰ উক্ত গোচৰৰ 2020ৰ মে' মাহত তদন্তৰ ভাৰ চিআইডিক অৰ্পণ কৰে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ নাইকৰ কন্যা আদন্যা নাইকে এই সন্দৰ্ভত আলিবাগ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিচতেই বুধবাৰে গ্ৰেপ্তাৰ হয় অৰ্ণৱ গোস্বামীক ৷

লগতে পঢ়কঃমুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক

ABOUT THE AUTHOR

...view details