নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : বহু বিতৰ্কিত আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰত অভিযুক্ত দেশৰ প্ৰাক্তন প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কীৰ্তি চিদাম্বৰমক তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লীৰ এখন আদালতে ৷ চিবিআইলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত গোচৰৰ অভিযোগনামাৰ পৰা কিছু তথ্য চিদাম্বৰম আৰু তেওঁৰ পুত্ৰক প্ৰদান কৰিবলৈ কোৱা হৈছে ৷
বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাৰে আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰৰ শুনানিৰ সময়তে চিবিআইলৈ জাৰী কৰে এই নিৰ্দেশনা ৷ ইয়াৰ উপৰিও প্ৰৱৰ্তক নিৰ্দেশালয়ে (Enforcement Directorate) দাখিল কৰা অবৈধ টকাৰ গোচৰৰো শুনানি কৰি আছে আদালতে ৷ শুনানিৰ সময়ত আদালতত উপস্থিত আছিল পি চিদাম্বৰম ৷