অসম

assam

By

Published : Nov 11, 2019, 10:01 AM IST

ETV Bharat / bharat

মথুৰাত মুকলি দেশৰ প্ৰথমখন "হস্তী স্মাৰক উদ্যান"

মথুৰাস্থিত এক বন্যপ্ৰাণী সংৰক্ষণৰ কেন্দ্ৰ প্ৰচেষ্টাত মুকলি এই উদ্যান ৷ দেশৰ বিভিন্ন প্ৰান্তত অত্যাচাৰৰ বলি হৈ মৃত্যু হোৱা হাতী সমূহৰ নাম উদ্যানখনৰ শিলসমূহত খোদিত কৰা হ'ব ৷

মথুৰাত মুকলি দেশৰ প্ৰথমখন "হস্তী স্মাৰক উদ্যান"

মথুৰা, 11 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ মথুৰাত মুকলি কৰা হ'ল দেশৰ প্ৰথমখন বন্যহস্তী স্মাৰক উদ্যান ৷ চহৰখনৰ এটা বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ উদ্যোগত গঢ় লোৱা এই উদ্যানখনত মানুহৰ অত্যাচাৰ তথা অন্যান প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণত মৃত্যুবৰণ কৰা বন্যহস্তীসমূহক স্মৰণ কৰা হ'ব ৷ প্ৰথম অৱস্থাত উদ্যানখনৰ কিছুমান শিলত বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰটোত থকা অৱস্থাত মৃত্যুবৰণ কৰা বন্যহস্তী সমূহৰ নাম খোদিত কৰা হৈছে ৷ পৰৱৰ্তী পৰ্যায়ত দেশৰ আন আন প্ৰান্তত অত্যাচাৰৰ বলি হৈ মৃত্যু হোৱা হাতী সমূহৰ নামো উদ্যানখনৰ শিলসমূহত খোদিত কৰা হ'ব ৷

মথুৰাস্থিত এক বন্যপ্ৰাণী সংৰক্ষণৰ কেন্দ্ৰ প্ৰচেষ্টাত মুকলি এই উদ্যান

ABOUT THE AUTHOR

...view details