আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক চিকেন লেগ অৰ্থাৎ কুকুৰাৰ ঠেঙৰ আমদানি কৰ হ্ৰাস কৰাৰ বাবে দিয়া হেঁচাৰ বাবে ঘৰুৱা হাঁহ-কুকুৰা পালকসকল চিন্তিত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে আমেৰিকা ভ্ৰমণ কৰাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমেৰিকালৈ যোগান ধৰা হাঁহ-কুকুৰাৰ ওপৰত আমদানি কৰৰ বিষয়ে বাৰম্বাৰ উল্লেখ কৰিছিল। আমেৰিকাত সমাগত নিৰ্বাচনত লাভ আদায় কৰিবলৈ ট্ৰাম্পে এয়া উপায় হিচাপে ব্যৱহাৰ কৰিছে । সূত্ৰ অনুযায়ী যদিহে আমদানি কৰ হ্ৰাস কৰা হয় তেন্তে ভাৰতৰ হাঁহ-কুকুৰা উদ্যোগটো গভীৰ সংকটৰ সন্মুখীন হ’ব। সেয়ে হাঁহ-কুকুৰা বা পশু পালকসকলে ভাৰত চৰকাৰে যাতে ট্ৰাম্পৰ প্ৰস্তাৱত সৈমান নহয় তাৰ বাবে অনুৰোধ তথা দাবী কৰি আহিছে।
বিশ্বজুৰি কুকুৰাৰ মাংস গ্ৰহণৰ হাৰ বৃদ্ধি পোৱাৰ বাবে ভাৰতৰ উদ্যোগটো ক্ৰমশঃ পুনৰুজ্জীৱিত হৈ পৰিছে। কিন্তু আমেৰিকাৰ পৰা বৃহৎ পৰিমাণে চিকেন লেগৰ আমদানিৰ খবৰে দেশৰ উৎপাদকসকলক চিন্তিত কৰি তুলিছে। যদি এয়া হয়, হাঁহ-কুকুৰাৰ মাংসৰ দাম হ্ৰাস হ’ব আৰু দেশীয় উদ্যোগটো ক্ষতিগ্ৰস্ত হ’ব। সম্প্ৰতি ভাৰতে হাঁহ-কুকুৰাৰ আমদানিত ১০০ শতাংশ কৰ আৰোপ কৰে। কিন্তু আমেৰিকাই এই কৰৰ হাৰ ৩০ শতাংশ হোৱাটো বিচাৰে। বিগত দিনত মাংস আৰু হাঁহ-কুকুৰাৰ দাম কম হোৱাৰ বাবে এই উদ্যোগটো লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল । শেহতীয়াকৈ মানুহৰ মাজত মাংস ভক্ষণৰ হাৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি হাঁহ-কুকুৰা পালক বা ছয়াবিন-মেইজ আদিৰ খেতিয়কসকলে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আশাৰ ৰেঙণি বিচাৰি পাইছিল। উদ্যোগটোৰ সূত্ৰৰ পৰা দিয়া সতৰ্কবাণী অনুসৰি এই পৰ্যায়ত বিদেশী সামগ্ৰীৰ আমদানি কৰাটো ক্ষতিকাৰক হ’ব ।
আমেৰিকাৰ পৰা কুকুৰাৰ ঠেং আমদানিৰ আমোদজনক কাৰণ আছে। আমেৰিকাৰ লোকসকলে মূলতঃ কুকুৰাৰ বুকুৰ অংশটোহে খোৱাৰ বাবে পছন্দ কৰে। কাৰণ এই অংশত চৰ্বি কম থাকে। যাৰ ফলত তেওঁলোকে কুকুৰাৰ ঠেং খাব নিবিচাৰে। বুকুৰ অংশতকৈ কুকুৰাৰ ঠেঙত অধিক চৰ্বি থকা বুলি কোৱা হয়। যাৰ ফলত ঠেঙতকৈ বুকুৰ অংশৰ মাংসক প্ৰাধান্য দিয়া হয়। লগতে আমেৰিকানসকলে খাবলৈ সৰু চুৰী আৰু কাঁটা চামুচ ব্যৱহাৰ কৰে। তেওঁলোকে ঠেঙৰ অংশ খাবলৈ ভাল নোপোৱাৰ কাৰণ আন এটা হ’ব পাৰে । কাৰণ খোৱা টেবুলত চিকেন লেগ টানি থকাটো বহু সময়ত লাজ লগা হৈ পৰে। গতিকে সমগ্ৰ আমেৰিকাতে চিকেন লেগৰ চাহিদা তেনেই নগণ্য । কুকুৰাৰ ঠেং সমূহ অকল ৰেফ্ৰিজাৰেটৰৰ কোঠাতহে জমা কৰি ৰখা হয়।
পূ্ৰ্বতে আমেৰিকাই তৃতীয় বিশ্বৰ দেশসমূহ, ইউৰোপিয়ান ইউনিয়ন আৰু চীনক চিকেন লেগৰ যোগান ধৰিছিল। কিন্তু এই দেশসমূহৰ বজাৰ ক্ৰমশঃ মাংসৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হৈ উঠে । চীনৰ লগত তীব্ৰ ব্যৱসায়িক সংঘাত আৰু চীনত হাঁহ-কুকুৰাৰ উৎপাদন বৃদ্ধিৰ ফলতেই আমেৰিকাৰ দৃষ্টি ভাৰতৰ দিশত ঢাল খাইছে । ১৩৫ কোটি জনসংখ্যাৰ ভাৰতীয় বজাৰখন আমেৰিকাৰ বাবে গভীৰ আশা-প্ৰত্যাশাৰ কাৰণ। যিহেতু ভাৰতীয়সকলে চিকেন লেগ বা ড্ৰামছ ষ্টীকছ পছন্দ কৰে সেয়ে আমেৰিকাৰ সকলোবোৰ উৎপাদন ভাৰতত জাপি দিবলৈ দেশখনে এখন উপযুক্ত বজাৰ লাভ কৰিছে । আমেৰিকাত কুকুৰাৰ মাংস আটাইতকৈ সস্তা। সেয়ে আমেৰিকাত উৎপাদিত মাংসই যে অতি কম দামত ভাৰতৰ বজাৰ দখল কৰি ল’ব সেয়া নিশ্চিত ।