অসম

assam

ETV Bharat / bharat

নাৰী দিৱস বিশেষঃ বলিষ্ঠ নেত্ৰী সুষমা স্বৰাজক সশ্ৰদ্ধ স্মৰণ - সুষমা স্বৰাজৰ ৰাজনীতিত কৃতিত্ব

দেশৰ এক অন্যতম বলিষ্ঠ নেত্ৰী প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ জীৱন বৃত্তান্তৰ এক চমু অৱলোকন কৰা হ’ল ৷ নাৰী দিৱসৰ প্ৰাকক্ষণত আহক এইগৰাকী মহীয়সীৰ জীৱন সম্পৰ্কে জানো কিছু কথা ৷

Countdown to Int'l Women's Day: Remembering the feisty, warm leader Sushma Swaraj
নাৰী দিৱস বিশেষঃ বলিষ্ঠ নেত্ৰী সুষমা স্বৰাজক সশ্ৰদ্ধ স্মৰণ

By

Published : Mar 1, 2020, 3:53 PM IST

নিউস্ক ডেস্ক, 1 মাৰ্চঃ সমাগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ এই নাৰী দিৱসৰ সংগতি ৰাখি ভাৰতবৰ্ষৰ কেইগৰাকীমান অত্যন্ত শক্তিশালী নাৰীৰ বিষয়ে পৰ্যালোচনা কৰাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ভিতৰত অন্য এক বলিষ্ঠ নেত্ৰী, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ যদি নাম লোৱা নহয় তেন্তে ই আধৰুৱা হৈ ৰ’ব ৷

দলীয় তথা ৰাজনৈতিক পৰিধি ভাঙি সকলোৰে বাবে শক্তিশালী নেত্ৰীৰূপে প্ৰতিষ্ঠিত হোৱা এক অন্যতম নাম সুষমা স্বৰাজ ৷ বিগত বৰ্ষৰ অৰ্থাৎ 2019 চনৰ 7 আগষ্টত এই সংসাৰ ত্যাগ কৰিছিল ৷ স্বৰাজ এগৰাকী ভাৰতৰে নহয় বিশ্বৰ এগৰাকী শক্তিশালী ৰাজনীতিক হিচাপে উজলি উঠিবলৈ সক্ষম হৈছিল ৷ স্বৰাজৰ মৃত্যুৰ লগতে নিজৰ জীৱনৰ অনন্য খ্যাতি এৰি থৈ যায় ৷

নাৰী দিৱস বিশেষঃ বলিষ্ঠ নেত্ৰী সুষমা স্বৰাজক স্মৰণ

সংক্ষিপ্ত ৰূপত সুষমা স্বৰাজৰ জীৱনপঞ্জীঃ

প্ৰাৰম্ভিক জীৱনঃ

সুষমা স্বৰাজে 18 ফেব্ৰুৱাৰী 1952 চনত হাৰিয়ানাৰ আম্বালাত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁৰ দেউতাক হৰদেৱ শৰ্মা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰএচএচ)ৰ জেষ্ঠ কৰ্মী তথা ভাৰতীয় সোঁ-পন্থী দলৰ এগৰাকী নেতা আছিল ৷ স্বৰাজে আম্বালাৰ এছ.ডি মহাবিদ্যালয়ৰ পৰা সংস্কৃত আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ ইয়াৰ পিছত তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰি উচ্চতম ন্যায়ালয়ত 1973 চনত অনুশীলন চলাইছিল ৷ ইয়াৰে দুবছৰ পিছত অৰ্থাৎ 1975 চনৰ 13 জুলাইত তেওঁ অধিবক্তা স্বৰাজ কৌশলৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ লগত এজনী বাঁসুৰী নামৰ কন্য সন্তানো আছিল ৷ উল্লেখ্য যে এই দম্পত্তিযুগল দেশৰ জৰুৰী অৱস্থাৰ সময়ত জৰ্জ ফাৰ্নাণ্ডেজৰ আইনী দলৰ সদস্য আছিল ৷

নাৰী দিৱস বিশেষঃ বলিষ্ঠ নেত্ৰী সুষমা স্বৰাজক স্মৰণ

ৰাজনীতিত স্বৰাজৰ কৃতিত্বঃ

সুষমা স্বৰাজে ৰাজনীতিত যোগদান কৰা সময়ত ভাৰতীয় ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ তেনেই সীমিত আছিল ৷ তেওঁ জয়প্ৰকাশ নাৰয়ণৰ নেতৃত্বত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে দেশৰ জৰুৰীকালীন অৱস্থাৰ বিৰোধিতাত অংশগ্ৰহণ কৰিছিল ৷

তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে নিজৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল ৷ 1970 চনত তেওঁ জনতা দলত যোগদান কৰিছিল ৷ লাহে লাহে তেওঁ ভাৰতীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’বলৈ ধৰিলে ৷ মাত্ৰ 25 বছৰ বয়সতে 1977 চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰি তেওঁ এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ দেবী লালৰ নেতৃত্বত হাৰিয়ানাত জনতা দলৰ কনিষ্ঠতম কেবিনেট মন্ত্ৰীৰূপে সুষমা স্বৰাজে অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷

আনহাতে 1979 চনত স্বৰাজ জনতা দলৰ হাৰিয়ানাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু 1984 চনত তেওঁ দলৰ সম্পাদক হিচাপে নিৰ্বাচত হয় ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1987 চনৰ পৰা 1990 চনলৈ হাৰিয়ানাৰ শিক্ষা মন্ত্ৰী পদত আছিল ৷ আনহাতে তেওঁৰ বিধানসভাৰ পৰা সংসদলৈ যোৱা যাত্ৰাপথ সহজ নাছিল ৷ তেওঁ কংগ্ৰেছৰ চিৰঞ্জীৱ লাল শৰ্মাৰ হাতত ক্ৰমাগতভাৱে 1980, 1984 আৰু 1989 চনত পৰাজয়বৰণ কৰিছিল ৷

অৱশেষত 1990 চনত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হয় ৷ তাৰ পিছত 1996 চনত দক্ষিণ দিল্লী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত 13 দিনীয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ তেওঁ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে নিয়োজিত হৈছিল ৷ সেই ক্ষন্তেকীয়া সময়চোৱাতে তেওঁ লোকসভাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সুষমা স্বৰাজ দশক জুৰি কৰা ৰাজনীতি তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এক অনন্য কৃতিত্ব তথা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বৈদেশিক মন্ত্ৰী হিচাপে তেওঁ ভাৰতত বিশ্ব লগত এক বৈপ্লৱিক সম্বন্ধ গঢ়াৰ পথ সূচল কৰি থৈ গৈছে ৷ আনহাতে নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ 2019 চনৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সুষমা স্বৰাজ 1998 চনৰ 13 অক্টোবৰৰ পৰা 3 ডিচেম্বৰলৈ দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ হ’জ খাছ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সুষমা স্বৰাজে নিজৰ পদৰ পৰা পদত্যাগ কৰি লোকসভাৰ সাংসদৰ আসনখন বৰ্তি ৰাখে ৷ সুষমা স্বৰাজে সদায়েই তেখেতৰ বিৰোধীৰ লগতো এক সহৃদ সম্পৰ্ক বজাই ৰাখিছিল ৷ কিন্তু তেখেতৰ ক্ষেত্ৰত থকা এটা চৰ্চাৰ বিষয় হ’ল যে, তেখেতে কেতিয়াও কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ লগত ভাল সম্পৰ্ক বৰ্তাই ৰখা নাছিল ৷ 2004 চনত যেতিয়া UPA মিত্ৰজোঁটে ছোনীয়া গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বিষয়ে আলোচনা কৰিছিল ৷ সুষমা স্বৰাজৰ এটা মন্তব্যই দেশবাসীক আচৰিত কৰি তুলিছিল ৷ তেখেতে মন্তব্য কৰিছিল, "মই সংসদলৈ যাম আৰু ছোনীয়া গান্ধীক মাননীয় প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰিম ৷ ইয়াৰ বাবে মই কোনোপধ্যেই প্ৰস্তুত নহয় ৷ মোৰ জাতীয় গৌৰৱে মোক এই জাতীয় লজ্জাজনক কাৰ্য কৰিবলৈ অনুমতি নিদিয়ে" ৷ ছোনীয়া গান্ধী প্ৰধানমন্ত্ৰী হোৱা বিষয়টোত তেখেতে কেৱল দুখ প্ৰকাশ কৰাই নহয়, সংসদৰ মজিয়াত শুই ইয়াৰ বিৰোধিতা কৰিছিল ৷ প্ৰণিধানযোগ্য যে , 1999 চনত বেল্লাৰী সমষ্টিত সুষমা স্বৰাজে ছোনীয়া গান্ধীক 56,000 ভোটত পৰাস্ত কৰিছিল ৷

আনহাতে 2009 চন 21 ডিচেম্বৰত তেওঁ দলৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীৰ ঠাইত বিৰোধী দলপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 2014 চনলৈ তেওঁ এই দায়িত্বত অৰ্পিত হৈ আছিল ৷ তেওঁ 2014 চনৰ 26 মে’ৰ পৰা 2019 চনৰ 29 মে’লৈ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে ইন্দিৰা গান্ধীৰ পিছত এই পদৰ কাৰ্যভাৰ গ্ৰহণ কৰা তেওঁ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা হিচাপে পৰিগণিত হয় ৷

সুষমা স্বৰাজৰ বিশেষ সাফল্য সমূহঃ

25 বছৰ বয়সত সৰ্বকণিষ্ঠ মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন ৷

যিকোনো এটা ৰাষ্ট্ৰীয় দল প্ৰথম ৰাষ্ট্ৰীয় মহিলা মুখপাত্ৰ ৷

দেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী ৷

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰথম গৰাকী মহিলা মন্ত্ৰী ৷

দেশৰ প্ৰথমগৰাকী মহিলা বিৰোধী দলপতি ৷

আৰু পঢ়কঃমেৰী কমৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী

ABOUT THE AUTHOR

...view details