অসম

assam

ETV Bharat / bharat

বিজেপিলৈ কৰ্পাৰেটৰ 900 কোটি

মুঠ ছটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত বিজেপিয়ে সৰ্বোচ্ছ 1,731জন পুঁজিপতিৰ পৰা 915.596কোটি টকাৰ অনুদান লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 151গৰাকী পুঁজিপতিৰ পৰা 55.36 কোটি টকা, কংগ্ৰেছ দলে 23 পুঁজিপতিৰ পৰা মুঠ 7.737 কোটি টকা 2016-17 আৰু 2017-18 বৰ্ষত লাভ কৰিছিল ৷

By

Published : Jul 10, 2019, 7:59 AM IST

বিজেপিলৈ কৰ্পাৰেটৰ 900 কোটি

15,00 জন পুঁজিপতিৰ পৰা 900কোটিতকৈ অধিক ধন লাভ কৰিছিল বিজেপিয়ে ৷ শেহতীয়া ADR(The Association for Democratic Reforms)ৰ তথ্যই পোহৰলৈ আনিছে এই তথ্য ৷ 2014-18ভিতৰত বিজেপিয়ে লাভ কৰা এই ধনখিনিৰ পৰিমাণ কংগ্ৰেছে লাভ কৰা ধনতকৈ 16 গুণ অধিক ৷

বিজেপিলৈ কৰ্পাৰেটৰ 900 কোটি


ADRৰ প্ৰতিবেদন অনুসৰি 2016-18চনৰ ভিতৰত বিজেপিয়ে বিভিন্ন কোটিপতিৰ পৰা লাভ কৰা মুঠ ধনৰ পৰিমাণ আছিল 985.18কোটি টকা, যি ধন বিভিন্ন শিতানৰ পৰা মুঠ ৰাজনৈতিক দল সমুহে লাভ কৰা ধনৰ 93 শতাংশ ৷

মুঠ ছটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত বিজেপিয়ে সৰ্বোচ্ছ 1,731জন পুঁজিপতিৰ পৰা 915.596কোটি টকা অনুদান লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 151গৰাকী পুঁজিপতিৰ পৰা 55.36 কোটি টকা, কংগ্ৰেছ দলে 23পুঁজিপতিৰ পৰা মুঠ 7.737 কোটি টকা 2016-17 আৰু 2017-18 বৰ্ষত লাভ কৰিছিল ৷


প্ৰতিবেদনৰ তথ্য অনুসৰি,2016-17 আৰু 2017-18চনত স্বেচ্ছামুলক ভাবে বিজেপি আৰু কংগ্ৰেছলৈ বিভিন্ন পুঁজিপতি তথা কৰ্পাৰেট গোষ্ঠীয়ে আগবঢ়োৱা ধনৰ পৰিমাণ 94শতাংশ আৰু 81 শতাংশ ৷

2012-13 আৰু 2017-18 বৰ্ষত বিজেপিয়ে সৰ্বাধিক পুঁজি লাভ কৰিছিল ৷ যাৰ পৰিমাণ আছিল 1,621.40কোটি, যি 6বছৰত লাভ কৰা মুঠ ধনৰ 83.48শতাংশ আছিল ৷

প্ৰতিবেদনত প্ৰকাশ কৰা অনুযায়ী, পুঁজিপতিৰ পৰা লাভ কৰা ধনৰ পৰিমাণ 2004-05 পৰা 2016-17 লৈ আৰু 2017-18 লাভ কৰা কৰা ধনৰ পৰিমাণ 160 শতাংশ অধিক ৷

2012-13 আৰু 2017-18 চনৰ ভিতৰত পুঁজিপতিৰ পৰা লাভ কৰা ধনৰ পৰিমাণ 414 শতাংশ বৃদ্ধি পায় ৷ উল্লেখ্য যে, 2015-16 চনত দল সমুহে বিভিন্ন পুঁজিপতি তথা কৰ্পাৰেটৰ পৰা সকলোতকৈ কম ধন লাভ কৰে ৷

এই সমীক্ষাত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰূপে গণ্য কৰা দল সমুহ হ'লঃ বিজেপি, কংগ্ৰেছ, চিপিআই, চিপিআই(এম) আৰু তৃণমুল কংগ্ৰেছ ৷
যদিও বিএচপিক ৰাষ্ট্ৰীয় দল ৰূপে সমীক্ষাত গ্ৰহণ কৰা হোৱা নাই তথাপিও এই সময়চোৱাত বিএচপি দলে 20,000 কৈ অধিক ধন এই সময়চোৱাত লাভ কৰা নাই ৷

ABOUT THE AUTHOR

...view details