নিউজ ডেস্ক, 21 মাৰ্চঃমহাৰাষ্ট্ৰৰ থানেৰ এহাল দম্পত্তিয়ে ক'ৰণাৰ আতংকৰ বাবে কেৱল মাত্ৰ মুষ্টিমেয় আত্মীয়-স্বজন নিমন্ত্ৰণ কৰি নিজেই মাস্ক পৰিধান কৰি বিবাহ-পাশত আবদ্ধ হোৱা ঘটনাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে মহাৰাষ্ট্ৰবাসীৰ ৷ আনকি দৰা-কইনাৰ লগতে অভ্যৰ্থনা অনুষ্ঠানলৈ অহা প্ৰতিজন ব্যক্তিয়ে মাস্ক পৰিধান কৰিয়ে বিবাহস্থলীত উপস্থিত আছিল ৷
ক'ৰণাৰ আতংক: মাস্ক পৰিধান কৰি বিবাহ-পাশত আৱদ্ধ হ'ল দম্পত্তি - মহাৰাষ্ট্ৰৰ থানেত মাস্ক পৰিধান কৰি বিবাহত বহিল এহাল দম্পত্তি
মহাৰাষ্ট্ৰৰ থানেত মাস্ক পৰিধান কৰি বিবাহত বহিল এহাল দম্পত্তি ৷ কেৱল দৰা-কইনাই নহয় বিবাহ অনুষ্ঠানলৈ অহা প্ৰত্যেকেজনেই মাস্ক পৰিধান কৰি আহিছিল ৷
![ক'ৰণাৰ আতংক: মাস্ক পৰিধান কৰি বিবাহ-পাশত আৱদ্ধ হ'ল দম্পত্তি Coronavirus: Wearing masks, couple ties knot at pvt ceremony](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6489782-thumbnail-3x2-a.jpg)
জিলাখনৰ কল্যাণ নামৰ অঞ্চলটোত শুকুৰবাৰে দৰাৰ ঘৰত এই ব্যতিক্ৰমী বিয়াখন সম্পন্ন হয় ৷ আচলতে এই ব্যতিক্ৰমী বিয়াখন 22 মাৰ্চ তাৰিখে সম্পন্ন হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ প্ৰধান মন্ত্ৰীয়ে দেশৰ পৰিস্থতিৰ কথা লক্ষ্য ৰাখি 22 মাৰ্চ তাৰিখে জনতা কাৰ্ফিওৰ আহ্বান জনোৱাৰ বাবেই অনুষ্টুপীয়াকৈ 21 মাৰ্চ তাৰিখেই এই বিয়াখন সম্পন্ন কৰা হয় ৷ এই ব্যতিক্ৰমী বিয়াখনৰ দৰা হৈছে এজন অধিবক্তা আৰু কইনাগৰাকী তথ্য-প্ৰযুক্তিৰ উদ্যোগত কৰ্মৰত ৷ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত নৱাগত দম্পত্তিৰ ৷ আনকি তাত উপস্থিত থকা সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰি সমাজলৈ এক সুস্থ বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰে ৷
লগতে পঢ়কঃবিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি