অসম

assam

ETV Bharat / bharat

কৰ্ণাটকত COVID-19 আক্ৰান্ত ৰোগীৰ আত্মহত্যা - পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা

বেংগালুৰুৰ ভিক্টোৰিয়া হাস্পতালত সোমাবাৰে পুৱা সংঘটিত হয় এই আত্মহত্যাৰ ঘটনা । পূৰ্বৰে পৰা কিড্নীৰোগত আক্ৰান্ত লোক জনৰ দেহত আছিল কৰ'ণা ভাইৰাছ ।

কৰ্ণাটকত COVID-19 আক্ৰান্ত ৰোগীৰ আত্মহত্যা
কৰ্ণাটকত COVID-19 আক্ৰান্ত ৰোগীৰ আত্মহত্যা

By

Published : Apr 27, 2020, 12:57 PM IST

নিউজ ডেস্ক, 27 এপ্ৰিলঃ বেংগালুৰুৰত সোমবাৰে আত্মহত্যা কৰিলে এগৰাকী COVID-19 আক্ৰান্ত ব্যক্তিয়ে । লোকজন চিকিৎসাৰ বাবে ভৰ্তি হৈ আছিল ভিক্টোৰিয়া হাস্পতালত । চিকিৎসাধীন হৈ থকা হাস্পতাল খনৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে 50 বছৰীয়া লোকজনে । এগৰাকী জেষ্ঠ্য আৰক্ষী বিষয়াই জানিবলৈ দিয়ে এই কথা ।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি লোকজন পূৰ্বৰ পৰাই কিড্নীৰ ৰোগতো আক্ৰান্ত হৈ আছিল । আনহাতে পৰিয়ালৰ লোকে অভিযোগ কৰে যে, লোকজনক ভালদৰে সুশ্ৰষা কৰা হোৱা নাছিল ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়কঃউত্তৰ প্ৰদেশত সুস্থ হৈ উঠিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত এটি 3 মহীয়া শিশু

ABOUT THE AUTHOR

...view details