নিউজ ডেস্ক, 7 এপ্ৰিলঃ সমগ্ৰ দেশত কৰ‘ণা ভাইৰাছৰ আতংকৰ মাজতে কোলা 14 মহীয়া সন্তানক লৈ কৰ্তব্য়লৈ ওলাই আহে এগৰাকী মহিলা আৰক্ষী কনিষ্টবল ৷ এইগৰাকী আৰক্ষী কনিষ্টবল হৈছে গুজৰাট আৰক্ষীৰ কচ্ছ জিলাত কৰ্মৰত অলকাবেন দেশাই ৷ দেশত লকডাউন চলি থকাৰ সময়তে আৰক্ষী তথা সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে চিকিৎসাকৰ্মী আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিসকলে দিনে নিশাই কাম কৰিবলগীয়া হৈছে ৷ এনে অৱস্থাত কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠা আৰু দায়িত্বই অলকাবেন দেশাই নিজৰ একমাত্ৰ কন্যাক এৰি থাকিব নোৱাৰিলেও কাৰ্য সমাপন কৰিবলৈ এইদৰে অনুপ্ৰেৰণা প্ৰদান কৰে, যাৰ বাবে কোলাত 14 মহীয়া কন্যা সন্তানক লৈ নিজৰ কৰ্তব্য সমাপন কৰে মহিলা কনিষ্টবলগৰাকীয়ে ৷
লকডাউনৰ সময়ত কোলাত 14 মহীয়া সন্তানক লৈ কৰ্তব্যলৈ আহিল এগৰাকী মহিলা আৰক্ষী
নিজৰ 14 মহীয়া সন্তানক লৈ কৰ্তব্য সমাপন কৰে গুজৰাটৰ কচ্চ জিলাত কৰ্মৰত অলকাবেন দেশাই নামৰ মহিলা আৰক্ষী কনিষ্টবল গৰাকীয়ে ৷
অলকাবেন দেশাই
ঘটনাৰ বিষয়ে জানিব পৰা আৰক্ষী মহাপৰিদৰ্শক সুভাষ ত্ৰিবেদীয়ে অলকাবেনক অন্য কিবা কৰ্তব্যত নিয়োজিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ মানৱতাৰ খাতিৰত এইদৰে মহিলা কনিষ্টবলগৰাকীক থানাৰ ভিতৰত কৰ্তব্য সমাপন কৰিবলৈ কোৱা হৈছে ৷ এইখিনি সময়ত এইদৰে বাহিৰত কৰ্তব্য সমাপন কৰাটো কনিষ্টবল অলকাবেন আৰু তেওঁৰ সন্তান দুয়োৰে বাবেই ভয়ংকৰ ৷ সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে আইজিপি ত্ৰিবেদীয়ে ৷