অসম

assam

ETV Bharat / bharat

ভাৰতত 20 লক্ষাধিক অতিক্ৰম কৰ'ণাৰ সংক্ৰমণ - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

বিগত 24 ঘণ্টাত দেশত 61,537 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ 933 গৰাকী লোকে বিগত 24 ঘণ্টাত মৃত্য়ুক সাৱটি লৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

কৰ'ণাৰ সংক্ৰমণ
কৰ'ণাৰ সংক্ৰমণ

By

Published : Aug 8, 2020, 12:45 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট:শনিবাৰলৈ ভাৰতত কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 20 লক্ষাধিক ৷ বিগত 24 ঘণ্টাত দেশত 61,537 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে দেশত 20,88,611 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে বিগত 24 ঘণ্টাত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে 933 গৰকী লোকে ৷ সমান্তৰালকৈ দেশত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাৰে 42,518 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 14,27,005 গৰাকী লোকে ইতিমধ্যে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ ইয়াৰ লগে লগে দেশত এই ৰোগৰ পৰা অব্যাহতি লাভ কৰা লোকৰ হাৰ 68.32 শতাংশলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰণালয়ে ৷

দেশত সম্প্ৰতি মুঠ 6,19,088 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৷ এই পৰিসংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 29.64 শতাংশ ৷ এইটো দশমটো দিন, য'ত COVID-19 ৰ সংক্ৰমণ 50,000 তকৈয়ো অধিক পোৱা গৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষণা অনুসৰি, শুকুৰবাৰে 5,98,778 টাকৈ COVID-19 ৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ লগে লগে বৰ্তমানলৈ পৰীক্ষা কৰা নমুনাৰ সংখ্যা 2,33,87,171 লৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক:পুৱা 11বজাৰ শীৰ্ষ 10টা বাতৰি

ABOUT THE AUTHOR

...view details