নিউজ ডেস্ক, 5 মাৰ্চ :সমগ্ৰ বিশ্বত ভয়ানক ৰূপ ধাৰণ কৰা কোভিড-19ৰ ক্ষেত্ৰত সাৱধানতা ল'বলৈ আহ্বান শিশুৰ অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ ৷ শিশুসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োগে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনাটোত কোভিড-19ৰ সন্দৰ্ভত শিশুসকলৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷
কোভিড-19 : সজাগতা বৃদ্ধিৰ নিৰ্দেশনা জাৰি শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ - কোভিড-19
শিশুৰ অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনাটোত কোভিড-19ৰ সন্দৰ্ভত শিশুসকলৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷
সজাগতা বৃদ্ধিৰ নিৰ্দেশনা জাৰি শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ
চিআৰপিচি আইন, 2005ৰ অনুচ্ছেদ 13 (D)ৰ অধীনত ৰাজ্যসমূহৰ শিক্ষা বিভাগক ৰাজ্যিক স্বাস্থ্য বিভাগৰ সহযোগত সজাগতা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আয়োগে ৷ ৰাজ্যিক শিক্ষা বিভাগে জিলা শিক্ষা বিষয়াৰ সহযোগত বিদ্যালয়সমূহত কোভিড-19 সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহ কাৰ্যকৰী হৈছে নে নাই তাক নিশ্চিত কৰিব ৷ ইতিমধ্যে দেশৰ স্বাস্থ্য বিভাগে কোভিড-19 সন্দৰ্ভত সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে ৷