নতুন দিল্লী, 31 মাৰ্চঃআই আই টি গুৱাহাটীৰ কেইগৰাকীমান ছাত্ৰই সাজি উলিয়াইছে এখন বিশেষ দ্ৰোণ । কৰ'ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যেৰে এই দ্ৰোণ নিৰ্মাণ কৰা হৈছে । দ্ৰোণখনৰ জৰিয়তে এবাৰতেই এক বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা যাব ।
অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা সহযোগিতা পোৱা ছাত্ৰৰ গোটৰ 'ৰেচাৰফ্লাই' নামৰ ষ্টাৰ্ট আপ এটিয়ে এই দ্ৰোণ নিৰ্মাণ কৰে । এজন মানুহে স্প্ৰেৰ জৰিয়তে ডেৰ দিনত চেনিটাইজ কৰিব পৰা সমপৰ্যায়ৰ চেনিটাইজ দ্ৰোণখনে মাত্ৰ 15 মিনিটতে কৰিব পাৰিব ।
আই আই টি গুৱাহাটীৰ ছিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ অনন্ত মিট্টালে জনাই যে, দ্ৰোণ খনেৰে এবাৰ অপাৰেট কৰিয়েই বৃহৎ অঞ্চল পৰিস্কাৰ কৰিব পৰা যাব আৰু লগতে তাৰ ভিডিঅ' ৰেকৰ্ডিঙো কৰিব পৰা যাব ।
দ্ৰোণ নিৰ্মাণ কৰা গোটত পাচজন সদস্য আছে । তেওঁলোকে জনোৱা অনুসৰি দ্ৰোণখনে এটা উৰণত 3 কিল' মিটাৰ এলেকা সামৰি লৈ 1.2 হেক্টৰ এলেকা চেনিটাইজ কৰিব পাৰিব । তেনেকে এদিনত মুঠ 60 হেক্টৰৰ এলেকা চেনিটাইজ কৰিব পাৰিব । প্ৰতিমিনিটত দ্ৰোণখনে দুইৰ পৰা চাৰি লিটাৰ চেনিটাইজাৰ এৰিব । 20 জন শ্ৰমিকৰ কাম এখন দ্ৰোণেই কৰিব পাৰিব বুলিও কয় দ্ৰোণ নিৰ্মাণ কৰা ছাত্ৰ গোটটোৱে ।