নিউজ ডেস্ক, 4 এপ্ৰিল : বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতে ইতিমধ্যেই 21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰিছে ৷ বৰ্তমানলৈকে কোনো দেশে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই এই ৰোগৰ প্ৰতিষেধক ৷ এনে জটিল পৰিস্থিতিত জন সমাগমৰ পৰা দূৰত্ব বজাই ৰখা আৰু ৰোগৰ পৰা নিজকে বচাই ৰাখিবৰ বাবে ঘৰৰ ভিতৰতে বাস কৰাই হৈছে একমাত্ৰ উপায় ৷
কৰ'ণা ভাইৰাছ : লকডাউনৰ সময়ত কিদৰে চাপমু্ক্ত হৈ থাকিব - কোভিড-19
কৰ'ণা ভাইৰাছৰ এই জটিল সময়ত কিদৰে চাপমুক্ত হৈ থাকিব সেই সম্পৰ্কে ইটিভি ভাৰতৰ সৈতে ড0 মানস্বীৰ আছুতীয়া সাক্ষাৎকাৰ -
লকডাউনৰ সময়ত কিদৰে চাপমু্ক্ত হৈ থাকিব
ঘৰত বাস কৰি এই ৰোগ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পালেও যিকোনো ব্যক্তিয়ে সন্মুখীন হ'ব পাৰে তীব্ৰ মানসিক চাপৰ ৷ সেয়েহে, এই চাপৰ পৰা মুক্ত হৈ থাকিবৰ বাবে ইটিভি ভাৰতে ড0 মানস্বীৰ দ্বাৰা চাপমুক্ত হৈ থকাৰ কিছু কৌশল আগবঢ়াইছে ৷
ভৱিষ্যত সম্পৰ্কত অনিশ্চয়তা আৰু কৰ'ণা ভাইৰাছৰ সৈতে জড়িত বিভিন্ন বাতৰিয়ে মানুহৰ মাজত ব্যৱধান বৃদ্ধি কৰাৰ লগতে ভয়-শংকা আৰু চাপ কঢ়িয়াই আনিছে ৷