নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃকৰ'ণা ভাইৰাছে কেৱল মানুহকে নহয়,'ব্যাদাগি' নামৰ শুকান জলকীয়াকো প্ৰভাৱিত কৰিছে ৷ কৰ'ণা ভাইৰাছৰ বাবে 'ব্যাদাগি' জলকীয়াৰ দৰ হ্ৰাস পাইছে ৷ ভাৰতৰ পৰা চীনলৈ ৰপ্তানি হোৱা এইবিধ শুকান জলকীয়াৰ ৰপ্তানি বৰ্তমান সম্পূৰ্ণভাৱে স্থগিত ৰখা হৈছে ৷ যাৰ বাবে জমা হৈ থকাৰ ফলত এই জলকীয়াৰ খেতিয়ক সকলে লোকচানৰ সন্মুখিন হৈছে ৷
শুকান জলকীয়াৰ ৰপ্তানি স্থগিত কৰাৰ আগতে প্ৰত্যেক কুইণ্টল জলকীয়াৰ দাম আছিল 17 ৰ পৰা 20 হাজাৰ পৰ্যন্ত ৷ কিন্তু এতিয়া কৰ'ণা ভাইৰাছৰ প্ৰভাৱত এই মূল্য 10 ৰ পৰা 12 হাজাৰলৈ হ্ৰাস পাইছে ৷ বেল্লাৰী জিলাত কৃষক সকলে 70 হেক্টৰ আৰু কাম্পলী তালুকত 6250 হেক্টৰ জলকীয়া ৰুপন কৰা হৈছে ৷ এই অঞ্চলত হোৱা প্ৰচুৰ পৰিমানৰ বৰষুণৰ বাবে বছৰটোত অৰ্ধেক জলকীয়া নষ্ট হৈ যায় ৷ ইয়াৰ বিপৰীতে পুনৰবাৰ কৰ'ণা ভাইৰাছৰ প্ৰভাৱত কৃষক সকল অন্য এক সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে ৷