নেশ্যনেল ডেস্ক, 22 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত মানৱজাতিৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল বুলি ক'লেও হয়তো মিছা কোৱা নহ'ব ৷ বিভিন্ন ধৰণে এই ৰোগবিধে আমাক প্ৰভাৱান্বিত কৰি আহিছে ৷ বাৰ্ড ফ্লু আৰু ছোৱাইন ফ্লুৰ দৰে এই ভাইৰাছবিধৰ উৎস সম্পৰ্কে বৰ্তমানেও কোনো জ্ঞাত নহয় ৷
কিন্তু, ন'বেল কৰ'ণা ভাইৰাছবিধ সংক্ৰমণৰ সন্দেহযুক্ত মাধ্যম হিচাপে চিনাক্ত কৰা হৈছে কাগজৰ নোট আৰু মুদ্ৰাক ৷
চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, এই ভাইৰাছবিধ কাগজৰ নোটত প্ৰায় 3 ঘন্টা সময় থাকিব পাৰে ৷
শেহতীয়া এক SBI প্ৰতিবেদনত জনোৱা হৈছে, "ভাইৰাছ সংক্ৰমণৰ অন্যতম কাৰণ নোটসমূহ হ'ব পাৰে আৰু ই স্বাস্থ্যৰ বাবে অপকাৰী ৷"
যোৱা সপ্তাহত প্ৰকাশ পোৱা এই প্ৰতিবেদনে লগতে কয় যে, 2016 চনত কৰ্ণাটকত এক অধ্যয়নৰ বাবে সংগ্ৰহ কৰা 100, 50, 20 আৰু 10 টকাৰ এশখন নোটত ৰোগৰ উপস্থিতি ধৰা পৰিছিল ৷
SBI য়ে লগতে প্ৰকাশ কৰে যে, লক্ষ্নৌৰ কিং জৰ্জেছ মেডিকেল ইউনিভাৰ্ছিটিয়ে চলোৱা এক সমীক্ষাত সংগ্ৰহ কৰা 48 টা মুদ্ৰাতে বেক্টেৰিয়া, ভেঁকুৰ আৰু পৰজীৱীৰ উপস্থিতি ধৰা পৰিছিল ৷